অসম

assam

ETV Bharat / state

কি চলিছে ৰাজ্যৰ চিকিৎসাখণ্ডত : ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ

একে সময়তে প্ৰশিক্ষণলৈ দুগৰাকী চিকিৎসক ৷ ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ ৷ চেপন চকলীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাই চিকিৎসক ৷

By

Published : Jul 9, 2019, 5:11 PM IST

ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ

শিৱসাগৰ, 9 জুলাই : চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ ৷ ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ অধীনৰ চেপন চকলীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চলিছে এই কাৰ্য ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ চিকিৎসক, নাৰ্চ অথবা যিকোনো কৰ্মচাৰীয়ে অহা ছেপ্তেম্বৰ মাহৰ 30 তাৰিখ পৰ্যন্ত ছুটী ল’ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিচতো চিকিৎসালয়ত নাই চিকিৎসক । কৰ্মৰত এ এন এম গৰাকীয়ে জনোৱা মতে দুগৰাকী চিকিৎসকে একে সময়তে প্ৰশিক্ষণলৈ গৈছে । যাৰবাবে দৈনিক অহা 30/40 গৰাকী ৰোগীক কৰ্মৰত ফাৰ্মাচিষ্ট গৰাকীয়েই স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হৈছে । এতিয়া কেৱল এ.এন.এম. গৰাকী আৰু ফাৰ্মাচিষ্ট গৰাকীয়ে বৃহত্তৰ চেপন চকলীয়া অঞ্চলৰ একমাত্ৰ চিকিৎসালয়খন চলাই আছে । বিগত 5 বছৰে চিকিৎসালৰখনৰ এই জৰুৰী এম্বুলেন্স সেৱাৰ ভানখনো বিকল হৈ আছে । ৰাজ্যৰ স্বাস্থ্য বিভাগে চিকিৎসকৰ ছুটী বাতিল কৰা সময়তে চিকিৎসালয় উদং কৰি দুগৰাকীকৈ চিকিৎসকক প্ৰশিক্ষণলৈ পঠিওৱা কাৰ্যত বিভাগীয় বিষয়াৰ কাণ্ডজ্ঞানহীনতাক সূচাইছে ৷

ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ

ABOUT THE AUTHOR

...view details