শিৱসাগৰ, 27 আগষ্টঃ পৱিত্ৰ ভাদ মাহ আৰম্ভ হোৱাৰে পৰা পয়মাল লাগিছে শিৱসাগৰত ৷দৈনিক নামঘৰত সংঘটিত হ'ব ধৰিছে চুৰি কাণ্ড ৷নামঘৰত প্ৰৱেশ কৰি চোৰে মূল্যৱান সামগ্ৰী লুট কৰাৰ লগতে লণ্ডভণ্ড কৰিছে নামঘৰৰ আচৱাব ৷ সোমবাৰে নিশা ক্ৰমানুসাৰে চতুৰ্থটো নামঘৰত লুট চলালে চোৰে। ফুকন নগৰৰ মাধৱদেৱ নামঘৰত প্ৰৱেশ কৰি চোৰে দানপাত্ৰ ভাঙি নগদ ধন লুট কৰি নিয়ে ৷
শিৱসাগৰৰ নামঘৰত চোৰৰ লুটপাত - শিৱসাগৰ নগৰ
শিৱসাগৰত নামঘৰত চোৰৰ সন্ত্ৰাস ৷ চাৰি দিনত শিৱসাগৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ চাৰিটা নামঘৰত চোৰৰ লুটপাত৷
শিৱসাগৰ নগৰৰ নামঘৰত চোৰৰ ত্ৰাস
উল্লেখ্য যে জন্মাষ্টমীৰ দিনা মেতেকা অঞ্চলৰ দুটা নামঘৰত তাণ্ডৱ চলাইছিল চোৰে ৷ একেদৰে 25 আগষ্টৰ নিশা নগৰখনৰ শংকৰদেৱ সমাজ নামঘৰৰ পৰা চোৰে নগদ ধন আৰু বহু মূল্যৱান সামগ্ৰী লুটি নিছিল ৷ এইদৰে এটাৰ পাছত আন এটা চুৰি ধাৰাবাহিক ভাৱে সংঘটিত হোৱাত শিৱসাগৰ আৰক্ষীৰ স্বৰূপক লৈ সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷