অসম

assam

ETV Bharat / state

বৃদ্ধি পাইছে দিখৌৰ জলস্তৰঃ পানীৰ তলত পাঁচ শতাধিক পৰিয়াল

শিৱসাগৰৰ দিখৌমুখত বাঢ়নী পানীৰ তাণ্ডৱ ৷ দেওবাৰ পৰ্যন্ত দিখৌমুখত বাঢ়নীয়ে প্লাবিত কৰিছে ঐতিহাসিক ৰামখাপীঠ দেৱালয়, আজানপীৰ দৰগাহকে ধৰি ৰূপহীমুখৰ পাঁচ শতাধিক পৰিয়ালৰ বাসগৃহ ৷ আনহাতে, বাঢ়নী পানীৰ বাবেই বহিঃজগতৰ লগত সম্পৰ্ক বিচ্ছেদ হৈছে গাঁওকেইখনৰ ৷

শিৱসাগৰ
শিৱসাগৰত বৃদ্ধি পাইছে জলস্তৰ

By

Published : Jul 13, 2020, 10:42 AM IST

আমগুৰি, ১৩ জুলাইঃ ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি ৷ শিৱসাগৰৰ দিখৌমুখৰ ঐতিহাসিক ৰামখাপীঠ দেৱালয়, আজানপীৰ দৰগাহ, ৰূপহীমুখৰ পাঁচ শতাধিক পৰিয়াল হৈ পৰিছে জলবন্দী । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ বাবে নিতৌ বানে প্লাৱিত কৰিছে ন ন অঞ্চল ।

শিৱসাগৰত বৃদ্ধি পাইছে জলস্তৰ

বানত প্লাৱিত হৈছে গৌৰীসাগৰৰ দিখৌমুখৰ ঐতিহাসিক ৰামখাপীঠ দেৱালয়ৰ লগতে এক বৃহত্তৰ অঞ্চল । ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত ঐতিহাসিক আজানপীৰ দৰগাহ, দিখৌমুখ বৰআলি মিচিং গাঁও, ৰূপহীমুখ কুমাৰ গাঁও, ৰূপহীমুখ মিচিং গাঁও, তেলীয়াডোঙাকে ধৰি কেইবাখনো গাঁৱৰ পাঁচশতাধিক লোক ।

শিৱসাগৰত বৃদ্ধি পাইছে জলস্তৰ

আনহাতে, এই বান পৰিস্থিতিৰ বাবেই বহিঃজগতৰ লগত যোগাযোগ বিচিন্ন হৈ পৰিছে ৰূপহীমুখ কুমাৰ গাঁও ,ৰূপহীমুখ মিচিং গাঁওৰ তিনি শতাধিক পৰিয়ালৰ । তাৰোপৰি জিলাপ্ৰসাশনৰ তৰফৰ পৰা বান বিধস্ত অঞ্চল সমূহত বান সাহাৰ্য নোপোৱাৰো আভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details