শিৱসাগৰ, 20 অক্টোবৰ : ৰাইজৰ দলে 2021 চনত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব । 'অসম জাতীয় পৰিষদ'ৰ লগত ৰাইজৰ দলৰ মিত্ৰতা হ'ব আৰু আসন বুজাবুজি হ'ব । এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ । সোণাৰিত ৰাইজৰ দলৰ চৰাইদেউ জিলা আহ্বায়ক সমিতি গঠন সভাত অংশগ্ৰহন কৰি এই মন্তব্য প্ৰদান শৃংখল চলিহাৰ ৷ আনহাতে, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক প্ৰত্যক্ষ ৰাজনীতিত জড়িত হ'বলৈও আহ্বান জনালে শৃংখল চলিহাই ।
জাতীয় পৰিষদৰ লগত ৰাইজৰ দলৰ আসন বুজাবুজি হ'বঃ বীৰ লাচিত সেনা
চৰাইদেউত ৰাইজৰ দলৰ জিলা আহ্বায়ক সমিতি গঠন ৷ সভাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক লোহিত গগৈ, অংকুৰ শইকীয়াৰ লগতে বহু কেইগৰাকী আহ্বায়ক তথা চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে ।
চৰাইদেউত ৰাইজৰ দলৰ জিলা আহ্বায়ক গঠন
উল্লেখ্য যে, কৃষক মুক্তি আৰু জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আত্মপ্ৰকাশ ঘটা ৰাইজৰ দলৰ চৰাইদেউ জিলা আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয় । সভাখনত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক লোহিত গগৈ, অংকুৰ শইকীয়াৰ লগতে বহু কেইগৰাকী আহ্বায়ক তথা চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে ।
লগতে পঢ়ক :বেলুচিস্তানৰ নাগৰিকৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দায়ী কোন !