আমগুৰি, ৩১ ডিচেম্বৰ: পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাৰ প্ৰস্তুতি চলিছে ৰাজ্যত ৷ বছৰৰ শেষত হাঁহি-ধেমালি আৰু আনন্দৰ মাজেৰে এসাঁজ লগে ভাগে খোৱাৰ আনন্দই সুকীয়া ৷ প্ৰত্যেক বছৰেই বনভোজৰ দলেৰে ভৰি পৰে ৰাজ্যৰ বনভোজস্থলীসমূহ ৷ CAA আৰু ক’ৰণাৰ আতংকত পাৰ কৰা ২০২০ বৰ্ষৰ শেষৰ ফালে শংকামুক্ত হৈ ওলাই আহিল অসমৰ ৰাইজ ৷ ডেকা-গাভৰু,জেষ্ঠ-কণিষ্ঠই কিছু সময় কটালে এক সুন্দৰ পৰিৱেশত ৷
ৰাজ্যৰ আন আন বনভোজস্থলীসমূহৰ দৰে শিৱসাগৰ জিলাৰ দিখৌ,দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থলী ঐতিহাসিক আজানপীৰ দৰগাহো ভৰি পৰিছে বনভোজ দলেৰে ৷ প্ৰকৃতিৰ ৰম্যভূমিত পৰিণত হৈছে ঐতিহাসিক আজানপীৰ দৰগাহ ৷ প্ৰাকৃতিক দৃষ্টি নন্দন পৰিৱেশে দৃষ্টি আকৰ্ষণ কৰিছে বহু বনভোজ দলৰ লগতে বিভিন্ন জনক ৷ তাৰ মাজতে স'ৰাগুৰি চাপৰিত বনভোজৰ আনন্দত মতলীয়া হৈছে চিকিৎসা কৰ্মীসকলে ৷