অসম

assam

By

Published : Apr 13, 2019, 2:49 PM IST

ETV Bharat / state

জুহালত পিঠা পুৰি-হাতত জেতুকা লগাই ব’হাগীক আদৰিবলৈ সাজু ৰংপুৰৰ নাচনী

আজি উৰুকা। বছৰজোৰা অপেক্ষাৰে বাট চাই থকা প্ৰতিজন অসমীয়া এতিয়া সাজু বাপতি সাহোন ৰঙালীক আদৰিবলৈ।

আজি উৰুকা। গোটেই বছৰটো আশাৰে বাট চাই থকা প্ৰতিজন অসমীয়া সাজু বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ।

শিৱসাগৰ, ১৩ এপ্ৰিল: আজি উৰুকা। গোটেই বছৰটো আশাৰে বাট চাই থকা প্ৰতিজন অসমীয়া সাজু বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ। কুলি কেতেকীৰ মাত আৰু ঢোল পেঁপাৰ গুমগুমণিৰ লগতে ঢেকীৰ মাতত এতিয়া কঁপি উঠিছে চৌদিশ । পিঠা পুৰি-হাতত জেতুকা লগাই ব’হাগীক আদৰিবলৈ সাজু শিৱসাগৰৰ যুৱতী । ইচাট-বিচাট অসমীয়া ডেকা গাভৰুৰ মন। তাঁতশালৰ ব্যস্ততা এৰি অসমীয়া জীয়ৰীসকল আজিৰে পৰা ব্যস্ত ঢেঁকীশাল বা জুহালত ।

আজি উৰুকা। গোটেই বছৰটো আশাৰে বাট চাই থকা প্ৰতিজন অসমীয়া সাজু বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ।

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পৰিলক্ষিত হৈছে বিহুৰ ব্যস্ততা । ডিমৌৰ নিতাইপুখুৰীৰ গড়ভগা গাঁৱৰ দৃশ্য এয়া । পাকঘৰৰ জুশালত জুই ফুঁৱাই এনেদৰে গাভৰুসকলে জুহালত তাৱা পাতি তিলপিঠা পুৰাত ব্যস্ত হৈ পৰিছে । মুখত ব’হাগৰ আনন্দৰ হাঁহি আৰু বিহুনামৰ গুণগুণনিৰে বিহুত অতিথি আপ্যায়নৰ বাবে পিঠা-পনাৰে সাজু হৈ উঠিছে ডিমৌৰ এইসকল যুৱতী । এনেই ৰূপে-গুণে অতুলনীয় অসমীয়া গাভৰু, তাতে আকৌ খোপাত কপৌফুল আৰু হাতত অসমীয়া গাভৰুৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ জেতুকাৰ বুলে তেওঁলোকক কৰি তুলিছে অপৰূপা, জাকত-জিলিকা ।

ABOUT THE AUTHOR

...view details