অসম

assam

By

Published : Nov 16, 2019, 1:44 PM IST

ETV Bharat / state

দিখৌত সন্ধানহীন কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

অৱশেষত উদ্ধাৰ হ'ল দিখৌত সন্ধানহীন হোৱা কন্যা শিশু দেৱযানী দাসৰ মৃতদেহ ৷ এছ চি আৰ আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহ ৷ শুকুৰবাৰে নিজ মাতৃয়ে দিখৌ নদীলৈ দলিয়াইছিল শিশুগৰাকীক ৷

মাতৃয়ে দিখৌ নদীলৈ দলিওৱা সন্ধানহীন কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰ,16 নৱেম্বৰ:শিৱসাগৰ জিলাৰ শিলাসাঁকোৰ অনুপমা দাসে শুকুৰবাৰে নিজ কন্যাক দিখৌ নদীত দলিওৱাৰ চাঞ্চল্যকৰ ঘটনাৰ 24 ঘণ্টা অতিক্ৰম কৰাৰ পিছত শনিবাৰে এছ ডি আৰ এফ বাহিনীয়ে সন্ধানহীন কন্যা শিশুগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হয় ৷ দিখৌ নদীত কালিৰে পৰা অভিযান অব্যাহত ৰখা এছ ডি আৰ এফৰ অভিযানকাৰী দলে শনিবাৰে পুৱা গৌৰীসাগৰৰ দিছিয়ালত নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে সন্ধানহীন দেৱযানী দাসৰ মৃতদেহ ৷

মাতৃয়ে দিখৌ নদীলৈ দলিওৱা সন্ধানহীন কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱতি নিশা অনুপমা দাস নামৰ মাতৃগৰাকীয়ে নিজ কন্যাক দিখৌ নদীত নিক্ষেপ কৰিছিল ৷ আনকি সংবাদ মাধ্যমৰ প্ৰশ্নত মাতৃগৰাকীয়ে নিজৰ 7 বছৰীয়া কন্যাক দিখৌ নদীত দলিয়াই দিয়াৰ কথা স্বীকাৰও কৰিছিল ৷ কিন্তু কিয় আৰু কি পৰিস্থিতিত নিজ কন্যাক এগৰাকী মাতৃয়ে নদীত নিক্ষেপ কৰিলে তাক অধিক ৰহস্য ঘনীভূত হোৱা পৰিলক্ষিত হৈছে ৷ ইফালে অনুপমা দাসৰ মানসিক সুস্থতাৰ ওপৰতো বহু প্ৰশ্নৰ অৱতাৰণা হোৱা দেখা গৈছে ৷

আৰু পঢ়কলোমহৰ্ষক : মাতৃয়ে দিখৌৰ বুকুলৈ দলিয়ালে কন্যা

ABOUT THE AUTHOR

...view details