আমগুৰি,27ডিচেম্বৰ :শনিবাৰে আমিনগাঁৱত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অসম দৰ্শন আঁচনিৰ জৰিয়তে ৰাজ্যৰ 8 হাজাৰ নামঘৰলৈ 2.50 লাখকৈ আৰ্থিক অনুদান আগবঢ়োৱা হয় ৷ কিন্তু তাৰ মাজতে আমগুৰিত তালিকাভুক্ত নামঘৰৰ সলনি আন নামঘৰে লাভ কৰিলে আৰ্থিক অনুদান ৷
অভিযোগ অনুসৰি, ১৯৬০ চনতে প্ৰতিষ্ঠা লাভ কৰা আমগুৰি বৰবাম চাহ বাগিচাৰ তামোলবাৰী লাইন নামঘৰে তালিকাত নাথ থকাৰ পাচতো লাভ নকৰিলে অসম দৰ্শন আঁচনিৰ সুবিধা ৷ তাৰ সলনি আন এটা নামঘৰেহে লাভ কৰে আঁচনিৰ সুবিধা ৷ একমাত্ৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ অসম দৰ্শন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তোলে তামোলবাৰী লাইন নামঘৰৰ পৰিচালনা সমিতিয়ে ৷ ইয়াৰ উপৰি এই কাৰ্যৰ দ্বাৰা একপ্ৰকাৰ পৰিচালনা সমিতিক অৱমাননা কৰা বুলিও অভিযোগ কৰে সমিতিৰ বিষয়ববীয়াই ৷