অসম

assam

ETV Bharat / state

শিৱসাগৰত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত থিৰাপাথ মংকলনাভিন

শিৱসাগৰৰ আহোম যুগৰ বিভিন্ন প্ৰাচীন কীৰ্তিচিহ্ন পৰিদৰ্শন কৰি বুজ ল'লে এসময়ৰ টাই মূলৰ সংস্কৃতিৰ ৷

By

Published : Sep 7, 2019, 8:34 PM IST

শিৱসাগৰত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত থিৰাপাথ মংকলনাভিন

শিৱসাগৰ, 7 চেপ্তেম্বৰঃ শনিবাৰে শিৱসাগৰত উপস্থিত হয় থাইলেণ্ডৰ ভাৰতীয় ৰাষ্ট্ৰদূত তথা বৰ্তমানৰ থাই মন্ত্ৰী থিৰাপাথ মংকলনাভিন । নতুন দিল্লীৰ থাই ৰাষ্ট্ৰদূত ভৱনৰ পৰা অহা থিৰাপাথ থাই সংহতি অভিযানৰো উপ প্ৰধান । ৬০০ বছৰীয়া আহোম শাসনকালৰ সোণালী স্বাক্ষৰ সমূহ পৰিদৰ্শনৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত ৰাষ্ট্ৰদূত গৰাকীয়ে শনিবাৰে ঐতিহাসিক শিৱ দৌল, এছিয়াৰ প্ৰথম ক্ৰীড়াঙ্গণ ৰংঘৰ, আহোম ৰাজভৱন তলাতল ঘৰ পৰিদৰ্শন কৰে । লগতে শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত টাই যাদুঘৰ পৰিদৰ্শন কৰি আহোম যুগৰ বিভিন্ন সামগ্ৰী, বস্ত্ৰ, মুদ্ৰা আদি বিভিন্ন পুৰণি সামগ্ৰী পৰিদৰ্শন কৰে । শিপাৰ সন্ধানত অহা এইজন সংহতি অভিযানৰ উপ প্ৰধানে পৰৱৰ্তী সময়ত অধিক প্ৰস্তুতিৰে অসমলৈ আহি একালৰ তেওঁলোকৰ মূলৰ লোকে স্থাপন কৰা আহোম ৰাজ্যৰ সভ্যতা-সংস্কৃতিৰ অধ্যয়ণ কৰিব ।

শিৱসাগৰত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত থিৰাপাথ মংকলনাভিন

এনে ভ্ৰমণে দুয়োখন দেশৰ মাজত সাংস্কৃতিক বিনিময় তৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । তেখেতৰ লগত আহিছে ভাৰতত থকা থাই ৰাষ্ট্ৰদূত কাৰ্যালয়ৰ বিত্তীয় সহায়ক ডঃ আৰেনলা । শনিবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডঃ এছ. লক্ষ্মণন, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, আহোম জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকি ৰাষ্ট্ৰদূত জনক উষ্ম আদৰণি জনায় ।

ABOUT THE AUTHOR

...view details