বাঁহৰ সাঁকোৰে মৰণপণ যাত্ৰা, আমগুৰিত ধোঁৱা চাঙত উন্নয়ন আমগুৰি,১৩ ছেপ্টেম্বৰ: উন্নয়ন আৰু বিকাশৰ শ্ল'গানেৰে শাসনৰ গাদীত বহা চৰকাৰখনে প্ৰকৃতাৰ্থত কিমান উন্নয়ন সাধন কৰিছে ৰাজ্যত ? উৰণ সেঁতু সাজি চমক সৃষ্টি কৰা চৰকাৰখনৰ দিনত ভিতৰুৱা প্ৰত্যেকটো অঞ্চলৰ ৰাইজে লাভ কৰিছেনে দলং ? শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰে জনসাধাৰণৰ মাজত চমক সৃষ্টি কৰা সময়তে স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম কৰাৰ পিছতো আমগুৰিৰ এটা অঞ্চলে উন্নয়নৰ মুখ দেখা নাপালে ।
বিভিন্ন সমস্যাত জুৰুলা অঞ্চলটোৰ ৰাইজ এতিয়াও বঞ্চিত বিভিন্ন চৰকাৰী সুবিধাৰ পৰা । এখন বাঁহৰ জৰাজীৰ্ণ দলং, এডাল বাঁহৰ সাঁকো আৰু এখনি টুলুঙা নাঁৱেৰে যাতায়াতৰ একমাত্ৰ সম্বল অঞ্চলবাসীৰ । আমগুৰি সমষ্টিৰ মোকালনি মিছিং গাঁওবাসীৰ দু্ৰ্দশাগ্ৰস্থ জীৱন পদ্ধতি দেখিলে চকু কপালত উঠিব আপোনাৰো । খৰস্ৰোতা মিটং নদীৰ ওপৰৰে অতি বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ।
মিটং নদীৰ ওপৰত থকা জৰাজীৰ্ণ ভঙা বাঁহৰ দলং আৰু এদলীয়া বাঁহৰ সাঁকোৰে ইপাৰ-সিপাৰ হয় স্থানীয় লোকসকল । গৰ্ভৱতী মহিলা অথবা অসুখীয়া লোকক সাঙি ভাৰ কৰি নাৱেৰে বিপদসংকুলভাৱে পাৰ কৰিবলগীয়া হয় । শিক্ষা, ব্যৱসায়-বাণিজ্য, স্বাস্থ্য সকলো দিশতে উপেক্ষিত হয় অঞ্চলটোৰ লোকসকল । কোনো লোকৰ অসুস্থ হ'লে ১০৮ সেৱাই ঢুকি নাপায় ।
অঞ্চলটোত এখনেই প্ৰাথমিক বিদ্যালয় আছে, ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰটো অসুবিধাৰ সন্মুখীন হৈ আহিছে । স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া দাবীক আজিও গুৰুত্ব নিদিলে শাসনাধিষ্ঠিত চৰকাৰে । এখন পকী দলঙৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় বিধায়কক দাবী জনাই আহিছিল যদিও গুৰুত্ব নিদিলে । সেয়ে এখন দলঙৰ ব্যৱস্থা কৰি দিবলৈ কাতৰ আহ্বান জনাইছে মোকালনি মিচিং গাঁওবাসীয়ে ।
লগতে পঢ়ক:Zubeen Garg Jhumur dance: মৰাণৰ খোৱাং চাহ বাগিচাত মাদল বজাই ঝুমুৰ নাচিলে জুবিন গাৰ্গে