শিৱসাগৰ , 04 মে': অচিৰেই শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্পৰ আধাৰত এখন ধাৰাবাহিকৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব ৷ দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলযোগে সম্প্ৰচাৰিত হ'ব ৰসৰাজৰ চুটি গল্পৰ আধাৰত নিৰ্মিত ধাৰাবাহিকখন ৷
ৰসৰাজৰ সাধুকথাৰে হিন্দী ধাৰাবাহিক - ধাৰাবাহিক
বেজবৰুৱাৰ পাঁচটা সাধু ক্ৰমে দুই বুধিয়ক, সেউতী, লটকণ, পাঁচনি আৰু কুকুৰীকণাৰ আধাৰত 13 টা খণ্ডত এই ধাৰাবাহিকখন দূৰদৰ্শনৰ অৰুণপ্ৰভা চেনেলত সম্প্ৰচাৰিত হ'ব ৷ শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত 7 মে'ৰ পৰা ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ব ৷
![ৰসৰাজৰ সাধুকথাৰে হিন্দী ধাৰাবাহিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3186761-thumbnail-3x2-tggrew1.jpg)
লক্ষীনাথ বেজবৰুৱাৰ চুটি গল্পৰ আধাৰত নিৰ্মাণ হ'ব ধাৰাবাহিক
লক্ষীনাথ বেজবৰুৱাৰ চুটি গল্পৰ আধাৰত নিৰ্মাণ হ'ব ধাৰাবাহিক
দূৰদৰ্শনৰ কমিছন প্ৰগামৰ অধীনত নিৰ্মাণ কৰা হ'ব বেজবৰুৱাৰ চুটি গল্পৰ ওপৰত আধাৰিত 13 টা খণ্ডৰ ধাৰাবাহিকখন ৷ হিন্দী ভাষাত নিৰ্মাণ হ'বলগীয়া ধাৰাবাহিকখনৰ নাম দিয়া হৈছে "ৰসৰাজ কী ৰসভৰী কথায়ে" ৷ পৰিচালকে জনোৱা অনুসৰি শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত 7 মে'ৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হ'ব ৷ বেজবৰুৱাৰ পাঁচটা সাধু ক্ৰমে দুই বুধিয়ক, সেউতী, লটকণ, পাঁচনি আৰু কুকুৰীকণাৰ আধাৰত 13 টা খণ্ডত এই ধাৰাবাহিকখন দূৰদৰ্শনৰ অৰুণপ্ৰভা চেনেলত সম্প্ৰচাৰিত হ'ব ৷ ধাৰাবাহিকখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে বলিউডৰ সমভূষণ শ্ৰীবাস্তৱে ৷