আমগুৰি, ১১ মাৰ্চ :শেহতীয়াকৈ শিৱসাগৰ জিলাৰ নামতিত কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল (Sexual harassment case in Sivasagar)। যোৱা ২১ ফেব্ৰুৱাৰীত ভুক্তভোগী কিশোৰীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল । তাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে । ইফালে ঘটনাৰ মূল অভিযুক্ত বাবুল আলীয়েও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে । মূল অভিযুক্ত বাবুল আলীক ইতিমধ্যে আদালতে তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে (Teenage molester sent to police custody)।
উল্লেখ্য যে ঘটনা সন্দৰ্ভত নামতি আৰক্ষীয়ে বাবুল আলীৰ লগতে ৫ জনক গ্ৰেপ্তাৰ কৰিছে । নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত কিশোৰী নিৰ্যাতনকাৰী বাবুল আলীক ৰক্ষণাৱেক্ষণ দিয়া নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দিহিঙীয়াকো ৰিজাৰ্ভ ক্ল'জ কৰাৰ উপৰিও অভিযুক্তক ৰক্ষণাৱেক্ষণ দিয়া কনিষ্টবল পবিন চৰাইমুৰীয়াকো গ্ৰেপ্তাৰ কৰি জেল হাজোতালৈ প্ৰেৰণ কৰিছে (Namti police station OC reserve closed)।
আনহাতে আৰক্ষীয়ে বাবুল আলীৰ পত্নী আছমা বেগম, ইছাদ আলী আৰু জাকিৰ নামৰ অভিযুক্তক কেইজনকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । নামতিৰ কিশোৰী নিৰ্যাতন ঘটনা সন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পাছতেই তৎপৰ হৈ পৰিছিল অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ।
উল্লেখ্য যে বিগত এটা বছৰে অষ্টম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল বাবুল আলী নামৰ লোকজনে । কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পিতৃ-মাতৃক অৱগত কৰাৰ পাছতেই নামতি আৰক্ষী থানাত যোৱা ২১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল । নামতি আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাৰ পৰিৱৰ্তে ৰক্ষণাৱেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ।