আমগুৰি, ২১ মাৰ্চ:সজাগতাৰ পিছতো ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা (Rape Case in Assam) ৷ একাংশ লম্পটৰ বাবে যেন অসুৰক্ষিত হৈ পৰিছে কিশোৰী, যুৱতী আদি । নাৰীৰ ওপৰত অত্যাচাৰ, নির্যাতন আদি প্ৰসংগক লৈ চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক সচেষ্ট কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সুৰক্ষিত হোৱা নাই নাৰীসমাজ ৷ ইয়াৰ মাজতেই সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নেমুগুৰিত সংঘটিত হৈছে এক নাৰী নিৰ্যাতনৰ ঘটনা (Case of harassment of teenager in Sivasagar)।
জিলাখনৰ নেমুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পাটসাঁকোত কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে (Teenage girl abused in Patsanko)। এজন ৬০ বছৰীয়া লোকৰ হাতত নিৰ্যাতিত হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী । নেমুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পাটসাঁকোত ৬০ বছৰীয়া বৃদ্ধৰ হাতত নিৰ্যাতিত হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী । কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গিৰিণ গগৈ নামৰ অভিযুক্তটোক ।