অসম

assam

By

Published : May 25, 2022, 7:52 AM IST

ETV Bharat / state

পাঠদানৰ মাজতে শ্ৰেণীকোঠাত ঢলি পৰি প্ৰাণ হেৰুৱালে শিক্ষকে

ডিমৌ শিক্ষাখণ্ডৰ অধীনৰ ৰজাবাৰীৰ সমীপৰ ৫৭ নং বৰগাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত অঘটন ৷ শ্ৰেণীকোঠাত পাঠদান কৰা অৱস্থাতে আকস্মিকভাৱে ঢলি পৰে এগৰাকী শিক্ষক ৷ কেৱল ঢলি পৰাই নহয়, ঠাইতে মৃত্যুক সাৱটিলে শিক্ষকগৰাকীয়ে(Teacher loses his life during gunotsav) ৷ শিক্ষকগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি বিদ্যালয়খনত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰতো অনিশ্চয়তাই দেখা দিয়ে ৷

Gunotsav in Assam
শিক্ষকৰ আকস্মিক মৃত্যু

শিৱসাগৰ, 25 মে’ :ৰাজ্যজুৰি গুণোৎসৱ চলি থকা(Gunotsav in Assam)ৰ মাজতে অঘটন সংঘটিত হৈছে শিৱসাগৰৰ ডিমৌত ৷ শ্ৰেণীকোঠাত পাঠদান কৰা অৱস্থাত আকস্মিকভাৱে ঢলি পৰে এগৰাকী শিক্ষক ৷ কেৱল ঢলি পৰাই নহয়, ঠাইতে মৃত্যুক সাৱটিলে শিক্ষকগৰাকীয়ে(Teacher loses his life during gunotsav) ৷

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে এই ঘটনা সংঘটিত হয় ডিমৌ শিক্ষাখণ্ডৰ অধীনৰ ৰজাবাৰীৰ সমীপৰ ৫৭ নং বৰগাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত ৷ অইন দিনৰ দৰে মঙলবাৰেও অমৰজিৎ দত্ত নামৰ শিক্ষকগৰাকীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ পিছত নিজৰ দায়িত্ব সমাপন কৰি আছিল ৷ সহকাৰী শিক্ষকৰূপে বিদ্যালয়খনত কৰ্মৰত অমৰজিৎ দত্তই ছাত্ৰ-ছাত্ৰীক পাঠদান কাৰ্য অব্যাহত ৰখাৰ মাজতে শ্ৰেণীকোঠাত ঢলি পৰি মৃত্যুক সাৱটি লয় ৷

শ্ৰেণীকোঠাত ঢলি পৰি প্ৰাণ হেৰুৱালে শিক্ষকে

এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৈশ্যৱ ৰাজমেধিয়ে জানিবলৈ দিয়া অনুসৰি, বিদ্যালয়ত উপস্থিত হোৱাৰ সময়ত শিক্ষকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আছিল ৷ আকস্মিকভাৱেহে তেওঁ এনেদৰে পৰি সাৱটি লয় মৃত্যুক ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় শোকাকূল পৰিৱেশ ৷ শিক্ষকগৰাকীৰ পৰিয়ালবৰ্গ মূহুৰ্ততে উপস্থিত হয় বিদ্যালয়খনত ৷

উল্লেখ্য যে, অষ্টম বিবাহ বাৰ্ষিকীৰ দিনটোতে এনেদৰে আকস্মিক মৃত্যুক সাৱটি লোৱা অমৰজিৎ দত্তৰ পত্নীয়ে স্বামীক হেৰুৱাই শোকত ভাঙি পৰে ৷ শিক্ষকগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি বিদ্যালয়খনত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰতো অনিশ্চয়তাই দেখা দিয়ে ৷ পূৰ্বৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে উক্ত বিদ্যালখনত অনুষ্ঠিত হোৱাৰ কথা আছিল গুণোৎসৱ(Second phase of Gunotsav in Assam) ৷

লগতে চাওক:গুণোৎসৱৰ মাজতে বিদ্যালয় জ্বলোৱাৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details