অসম

assam

ETV Bharat / state

নাজিৰাত যক্ষ্মা ৰোগ সম্পৰ্কে সজাগতা সভা - নাজিৰাৰ চিকিৎসক

সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ শিৱসাগৰ জিলাৰ উদ্যোগত আয়োজন কৰা হয় এই সজাগতা সভাৰ ৷ ক্ৰমাৎ বৃদ্ধি পোৱা যক্ষ্মা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা বাবে এই ৰোগৰ সজাগতাৰ উদ্দেশ্যেই এই সভাৰ আয়োজন কৰা হয় ৷

TB awarness meeting at Nazira
নাজিৰাত যক্ষ্মা ৰোগ সম্পৰ্কে সজাগতা সভা

By

Published : Feb 26, 2020, 9:19 PM IST

নাজিৰা, 26 ফেব্ৰুৱাৰীঃ নাজিৰাত অনুষ্ঠিত হয় যক্ষ্মা ৰোগৰ সজাগতা সভা ৷ সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ শিৱসাগৰ জিলাৰ উদ্যোগত আয়োজন কৰা হয় এই সজাগতা সভাৰ ৷ যক্ষ্মা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে সজাগতাৰ উদ্দেশ্যে এই সভা আয়োজন কৰা হয় ৷ সজাগতা সভাত কেইবাগৰাকীও জিলা স্বাস্থ্য বিষয়া উপস্থিত হৈ সাংবাদিকসকলক যক্ষ্মা ৰোগ সম্বন্ধে তথ্য আগবঢ়োৱাৰ লগতে যক্ষ্মা ৰোগৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা আৰু ৰোগাক্ৰান্ত হ’লে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত ৰাইজক অৱগত কৰিবৰ বাবে আহ্বান জনায় ।

নাজিৰাত যক্ষ্মা ৰোগ সম্পৰ্কে সজাগতা সভা

অনুষ্ঠানটোত নাজিৰাৰ কেইবাগৰাকীও চিকিৎসক আৰু নাজিৰা তথা শিমলুগুৰিৰ সাংবাদিক উপস্থিত থাকে । বিশেষজ্ঞসকলে উপস্থিত লোকসকলক যক্ষ্মা ৰোগৰ সৈতে জড়িত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা আঁতৰি আহি যক্ষ্মা হ’লে কোনোধৰণৰ শংকাবোধ নকৰি যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ ওচৰলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

আৰু পঢ়কঃমালিগাঁৱত দাওদাওকৈ জ্বলিল ৰখাই থোৱা মটৰ চাইকেল

ABOUT THE AUTHOR

...view details