শিৱসাগৰ, 6 আগষ্ট:শিৱসাগৰত কৰ বিভাগৰ অভিযান (Income Tax Department raid in Sivasagar) ৷ শিৱসাগৰ নগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত শুকুৰবাৰে STATE GST বিভাগে এক অভিযান চলাই বহু নথি-পত্ৰ জব্দ কৰে । ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰোদ্ধে GST ৰ কৰ ফাঁকিৰ সন্দেহ কৰি বিভাগে এই অভিযান চলোৱা বুলি জানিব দিলে অভিযানকাৰী দলে ।
৮ জনীয়া অভিযানকাৰী দলটোৱে দীৰ্ঘ সময় ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিভিন্ন কৰ সম্পৰ্কীয় নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ ক্ৰয়-বিক্ৰয় ৰেজিষ্টাৰ পৰীক্ষা কৰে । শিৱসাগৰ নগৰৰ মাৰোৱাৰীপট্টিৰ ভাৰত ষ্টোৰ নামৰ আমূলৰ বিতৰকৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযান চলোৱা দলটোৱে অভিযান সন্দৰ্ভত কোনো তথ্য ফাদিল কৰাৰ পৰা বিৰত থাকে (State GST raid at Amul Distributer)।