অসম

assam

ETV Bharat / state

অৱশেষত নামাকৰণ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয় নৃত্যৰ - AMIT SHAH

শিৱসাগৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত তৰুণ গগৈয়ে নামাকৰণ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয় হৈ পৰা নৃত্যৰ ৷ ইমানেই নহয় বিজেপি দলক তুলাধুনা দি নকলি হিন্দু আখ্যা দিলে মোডি,শ্বাহ আৰু হিমন্তক

শিৱসাগৰৰ নিৰ্বাচনী সভাত তৰুণ গগৈৰ বিস্ফোৰণ

By

Published : Apr 6, 2019, 9:28 PM IST

হিমন্তৰ নৃত্যবিধৰ নাম কি?কোনে কাক ডেগাৰ মাৰিলে?নকল হিন্দু কোন?তপন গগৈৰ গাত কাৰ তেজ আছে?এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলে এজন লোকে।কোন তেওঁ?

শিৱসাগৰৰ নিৰ্বাচনী সভাত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । স্বভাৱসিদ্ধ ভাৱে ধেমেলীয়া ভাষণেৰে তুলাধুনা দিলে বিজেপি দলক । আক্ৰমণৰ লক্ষ্য কৰি ললে মোদী, শ্বাহ আৰু হিমন্তক ।


তেজপুৰৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যক লৈ ব্যাপক চৰ্চা হৈছিল সংবাদ মাধ্যমত । কিন্তু নৃত্যবিধৰ নামাকৰণ হোৱা নাছিল । আজি শিৱসাগৰৰ জয়সাগৰত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নামাকৰণ কৰিলে নৃত্যবিধৰ । নাম দিলে মোদী নৃত্য । ইয়াৰ উদ্ভাৱক হিমন্ত বিশ্ব শৰ্মা ।
তৰুণ গগৈ

কয় যে বিজেপি দলৰ মানুহবোৰে ডেগাৰ মাৰে । এসময়ত তৰুণ গগৈক গুৰু মনা হিমন্ত বিশ্ব শৰ্মাই তেওঁক ডেগাৰ মাৰিলে । মোদীক সহায় কৰা আদৱানিক ডেগাৰ মাৰিলে মোদীয়ে । এই সকলে গুৰু শিষ্যৰ সম্বন্ধক সন্মান জনাব নাজানে । হিন্দু ধৰ্মত গুৰুক সন্মান কৰিব শিকায় । বিজেপি দলৰ মানুহে এনে সন্মান কৰিব নাজানে সোইবাবে এওঁলোক নকল হিন্দু ।

শিৱসাগৰৰ নিৰ্বাচনী সভাত তৰুণ গগৈৰ বিস্ফোৰণ
তৰুণ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ ভাষণত বিজেপি দলৰ মানুহক দুমুখীয়া বুলি উল্লেখ কৰি তৰুণ গগৈয়ে সৰ্বানন্দক তিনি মুখীয়া আৰু হিমন্তৰ মুখ নাই বুলি অভিহিত কৰে । যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ গাত বাংলাদেশীৰ তেজ আছে বুলি উল্লেখ কৰি লাচিতৰ তেজ থকা সুশান্ত বৰগোঁহাইক ভোট দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details