শিৱসাগৰ,22মেঃ ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰণালয়ে ভাৰতৰ ৪৯ খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ লগতে অ এন জি চি অসম সম্পদৰ ৮ খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাক লৈ গৰজি উঠিছে সৰ্বভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ,শিৱসাগৰ জিলা সমিতি । শুক্ৰবাৰে সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। তৈলক্ষেত্ৰ সমূহৰ এনে ব্যক্তিগতকৰণ বাতিল কৰাৰ লগতে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি অ এন জি চিয়ে এনে তৈলক্ষেত্ৰ সমূহৰ উৎপাদন বৃদ্ধি কৰাৰ দাবী জনাইছে শ্ৰম সংস্থাই। সমিতিয়ে প্ৰদান কৰা স্মাৰক পত্ৰত অ এন জি চি অসম সম্পদৰ জৰীপ,খনন,উৎপাদন প্ৰক্ৰিয়াত পৰিচালনাৰ ভুল,অপচয়,অনিয়ম আদি সংশোধন কৰাৰ দাবী জনাইছে।
তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা সৰ্বভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ - ongc praivataization assam
কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে সৰ্বভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ স্মাৰক পত্ৰ প্ৰদান।
![তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা সৰ্বভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ tarde union potest memorendam sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7302754-96-7302754-1590138845807.jpg)
আনহাতে কেৱল অ এন জি চিয়ে অসম সম্পদত বৰ্তি থকা তিনি বছৰীয়া বদলি আৰু তিনি মহীয়া ছুটিৰ ব্যৱস্থা সলনি কৰি ভাৰতৰ আন আন প্ৰান্তৰ দৰে বদলি-ছুটিৰ ব্যৱস্থা প্ৰয়োগ কৰাৰ পোষকতা কৰিছে সৰ্বভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিয়ে। ইয়াৰ লগতে অ এন জি চি অসম সম্পদৰ সুৰক্ষা আৰু বিকাশৰ স্বাৰ্থত স্থানীয় শিক্ষিত আৰু কাৰিকৰী জ্ঞান সম্পন্ন থলুৱা লোককো নিয়োগৰ দাবী জনাইছে সৰ্বভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিয়ে। এই সমূহ দাবী অতি শীঘ্ৰে মানি নললে সমিতয়ে আন আন দল সংগঠনৰ সহযোগত কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে ।
লগতে পঢ়কঃ ধেমাজিৰ জীয়াঢলৰ বানত বুৰিল বিস্তীৰ্ণ অঞ্চল, হাহাকাৰ ৰাইজৰ