অসম

assam

ETV Bharat / state

Talent Hunt Competition in Sivasagar: চৰকাৰে সঠিক ক্ৰীড়া নীতি প্ৰস্তত নকৰাত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ক্ষোভ প্ৰকাশ

বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi) উদ্যোগত অনুষ্ঠিত হৈছে প্ৰতিভা সন্ধানী প্ৰতিযোগিতা । যোৱা ১৮ ফেব্ৰুৱাৰীৰ পৰা শিৱসাগৰৰ পঞ্চায়ত পৰ্যায়ত অনুষ্ঠিত হয় প্ৰাৰম্ভিক খেলসমূহ । ইয়াৰ পিছত দৰবাৰ খেল পথাৰত ক্ৰীড়া প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল দেওবাৰে উদ্বোধন কৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাই চৰকাৰে সঠিক ক্ৰীড়া নীতি প্ৰস্তত নকৰাত ক্ষোভ প্ৰকাশ কৰে ।

Talent Hunt Competition in Sivsagar
শিৱসাগৰত প্ৰতিভা সন্ধানী প্ৰতিযোগিতা

By

Published : Feb 27, 2023, 2:05 PM IST

শিৱসাগৰত প্ৰতিভা সন্ধানী প্ৰতিযোগিতা

শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰী:108 নং শিৱসাগৰ বিধানসভা সমষ্টিত বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi) উদ্যোগত ২৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ চূড়ান্ত খেলসমূহ (Talent Hunt Competition in Sivsagar) ৷ যোৱা ১৮ ফেব্ৰুৱাৰী পৰা ২০ ফেব্ৰুৱাৰীলৈ শিৱসাগৰৰ পঞ্চায়ত পৰ্যায়ত অনুষ্ঠিত হোৱাৰ পিছত ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলসমূহ । দেওবাৰে প্ৰতিযোগিতাৰ চূড়ান্ত খেলসমূহৰ উদ্বোধন কৰা হয় । শিৱসাগৰৰ দৰবাৰ খেল পথাৰত ক্ৰীড়া প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই ।

প্ৰতিযোগিতাখনিত জিলাখনৰ বিভিন্ন পঞ্চায়তৰ ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাই আক্ষেপ কৰি কিয় চৰকাৰে এতিয়াও এক সঠিক ক্ৰীড়া নীতি প্ৰস্তত কৰিব পৰা নাই বুলি প্ৰশ্ন কৰে (Arjun Bhogeshwar Baruah)। চৰকাৰে কেৱল খেল খেলাত গুৰুত্ব দিছে । কিন্তু খেলুৱৈ সৃষ্টি কৰাৰ কোনো পৰিকল্পনা আৰু নীতি চৰকাৰৰ নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে ।

প্ৰতিযোগিতাখনিৰ উদ্যোক্তা সমিতিৰ সভাপতি পি আৰ মিলিয়ে সদৰি কৰা মতে, পঞ্চায়ত পৰ্যায়ত এই প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পিছত দেওবাৰৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈছে ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহ ৷ এই প্ৰতিযোগিতাসমূহ শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰ, পিয়লি ফুকন ষ্টেডিয়াম, দৰবাৰ খেল পথাৰ, গোঁহাই চুক নামঘৰ, মেলাচকৰ নামঘৰ আৰু জনজাতি কাৰ্যালয়ত অনুষ্ঠিত হৈছে বুলি তেওঁ কয় ৷ ইতিমধ্যে পঞ্চায়ত পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰ পৰা দুজনকৈ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে দেওবাৰৰ পৰা অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷ এই প্ৰতিযোগিতাত বিজয়ীসকলক তেওঁলোকৰ পাৰদৰ্শী বিষয়ত উচ্চ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰিছে উদ্যোক্তা সমিতিৰ সভাপতি পি আৰ মিলিয়ে ৷

এই প্ৰতিযোগিতাখনিত ফুটবল, ভলীবল, কাবাদী, দৌৰ, মাৰাথন, শ্বটফুট, ডিচকাচ থ্ৰ’, হাইজাম্প, লংজাম্প আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । সেইদৰে সাহিত্য প্ৰতিযোগিতাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা, কবিতা আবৃত্তি, কুইজ, তৰ্ক আদি প্ৰতিযোগিতা আৰু সাংস্কৃতিক বিষয়ত বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, হুঁচৰি, বিহুৱতী, জেং বিহু, দিহা নাম, জিকিৰ, বিয়ানাম, ঢোল, গুমৰাগ আৰু ঐনিতম প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷

লগতে পঢ়ক:Nagaland Meghalaya Assembly polls: আজি নাগালেণ্ড আৰু মেঘালয় বিধানসভাৰ নিৰ্বাচন, পুৱা 7 বজাৰ পৰা হ’ব ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details