শিৱসাগৰ, 16 জুলাই:বিধ্বস্ত শিৱসাগৰৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ (Poor road construction in Jorhat) ৷ এই বিধ্বস্ত পথচোৱাই বাৰুকৈয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক ৷ গো-বাট নে ৰাষ্ট্ৰীয় ঘাইপথ ধৰিবই নোৱাৰি ৷ কিয়নো ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ৷ যি বাটৰ ফলত যমৰ যান্ত্ৰণা ভোগ কৰি আহিছে সাধাৰণ লোকে ৷
কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা জাঁজী পৰ্যন্ত নিৰ্মাণ হোৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতিৰ (Corruption in four lane road construction) অভিযোগ উত্থাপন কৰি শুকুৰবাৰে টাই অসম যুৱ পৰিষদই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জানিব পৰা মতে, জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰৰ এই পথ নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল ।