আমগুৰি, ১৬ অক্টোবৰ:কলেজীয়া পোছাক পৰিধান কৰি চ'চিয়েল মিডিয়াত কোনো ধৰণৰ ফটো, টিক টক ভিডিঅ' আপলোড কৰিব নোৱাৰিব শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ সাম্প্ৰতিক সময়ত জনপ্ৰিয় হৈ উঠা স্মাৰ্টফোনৰ ভিডিঅ' এপ্লিকেচনৰ কুপ্ৰভাৱৰ ফলত এই সিদ্ধান্তত উপনীত হৈছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ ৷ বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত ফেচবুক, ৱাটছ আপ আৰু টিক টকৰ জৰিয়তে বহুতো অসামাজিক কাম কাজত লিপ্ত হৈছে একাংশ কলেজীয়া ছাত্ৰ ছাত্ৰী। যাৰ পৰিণতি স্বৰূপে ক্ৰমাৎ ছাত্ৰ ছাত্ৰী সকলৰ বাবে নিজৰ মান-গৰিমা হেৰুৱাবলগীয়া হৈছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে।
নিষিদ্ধ হ'ল টিক টক আৰু ফেচবুক ! - ভিডিও আপলোড
বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত ফেচবুক, ৱাটছ আপ আৰু টিক টকৰ জৰিয়তে বহুতো অসামাজিক কাম কাজত লিপ্ত হৈছে একাংশ কলেজীয়া ছাত্ৰ ছাত্ৰী। যাৰ পৰিণতি স্বৰূপে ক্ৰমাৎ ছাত্ৰ ছাত্ৰী সকলৰ বাবে নিজৰ মান-গৰিমা হেৰুৱাবলগীয়া হৈছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে। সেয়ে নিষিদ্ধ হ'ল টিক টক আৰু ফেচবুক
নিসিদ্ধ স্মাৰ্টফোনৰ ভিডিও এপ্লিকেচন
সেয়ে মহাবিদ্যালয়ৰ গৰিমাৰ প্ৰতি লক্ষ্য ৰাখি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাই নিষিদ্ধ কৰে টিক টক আৰু ফেচবুক । এতিয়াৰ পৰা যদিহে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এই নিয়ম উলংঘা কৰি চ'চিয়েল মিডিয়াত কলেজীয়া পোছাকত ফটো বা ভিডিঅ' আপলোড কৰা দৃষ্টি গোচৰ হয় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। আনহাতে ছাত্ৰ একতা সভাৰ এই সিদ্ধান্তক এতিয়া আদৰি লৈছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে ।
Last Updated : Oct 16, 2019, 3:23 PM IST