অসম

assam

ETV Bharat / state

Suspected Murder at Amguri : আমগুৰিত ৰহস্যজনকভাৱে মৃত্যু দুই সন্তানৰ মাতৃৰ - woman suspected murder in amguri

মৌচুমী চুতীয়া গগৈৰ মৃতদেহটো হাতকটা অৱস্থাত আৰক্ষীয়ে নদীৰ পৰা উদ্ধাৰ কৰিছিল । ইফালে বৰভেটি গাঁৱৰ স্বামীগৃহত মৌচুমী চুতীয়া গগৈক একাংশ মহিলাই শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

Etv Bharat
Etv Bharat

By

Published : Jul 6, 2023, 2:16 PM IST

আমগুৰিত মহিলাৰ ৰহস্যজনক মৃত্যু

আমগুৰি, ৬ জুন :আমগুৰিত এক ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুটি সন্তানৰ এগৰাকী মাতৃৰ ৰহস্যজনক মৃত্যুৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখ্য, জাঁজী নদীত উদ্ধাৰ হৈছিল মহিলাগৰাকী । জাঁজী নদীত উদ্ধাৰ হোৱা মহিলাগৰাকী হৈছে বৰভেটি গাঁৱৰ দুই সন্তানৰ মাতৃ মৌচুমী চুতীয়া গগৈ । উল্লেখ্য যে মৌচুমী চুতীয়া গগৈৰ মৃতদেহটো হাতকটা অৱস্থাত আৰক্ষীয়ে নদীৰ পৰা উদ্ধাৰ কৰিছিল । ইফালে বৰভেটি গাঁৱৰ স্বামীগৃহত মৌচুমী চুতীয়া গগৈক একাংশ মহিলাই শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি, কিবা কথাত মৌচুমী গগৈৰ মহিলাসকলৰ লগত প্ৰথম অৱস্থাত বাক-বিতণ্ডা হয় । কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত মাৰপিটৰ দৰে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে । কিন্তু আশ্চৰ্যজনকভাৱে উক্ত ঘটনাৰ পিছতে মৌচুমী গগৈয়ে নিজৰ হাত কাটি, বিহপান কৰি জাঁজী নদীত জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে । আনহাতে, আমগুৰি আৰক্ষীয়ে মহিলাগৰাকীক জাঁজী নদীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ আমগুৰি চিকিৎসালয়ত ভৰ্তি কৰায় ।

আমগুৰিত প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে । কিন্তু যোৰহাট মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় মৌচুমী চুতীয়া । উল্লেখ্য যে ১২ বছৰ পূৰ্বে আমগুৰিৰ বৰভেটি গাঁৱৰ যদু চুতীয়াৰ লগত বিবাহপাশত আবদ্ধ হৈছিল চাৰিং সন্দিকৈ গাঁৱৰ মৌচুমী গগৈ চুতীয়া ।

কিন্তু অভিযোগ অনুসৰি, দুই কন্যা সন্তানৰ মাতৃগৰাকীক দীৰ্ঘদিন ধৰি স্বামী গৃহৰ পৰিয়ালে শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল । তাৰ মাজতে মহিলাগৰাকীৰ এই মৃত্যুৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । এয়া প্ৰকৃততে আত্মহত্যা নে এক হত্যাকাণ্ড তাক লৈও চৰ্চা চলিছে । যাৰ বাবে এই ঘটনাৰ এক উচিত তদন্ত হোৱাটো বিচাৰিছে সকলোৱে । তদুপৰি ঘটনাত অভিযুক্ত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হ'বনে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Dalgaon Protest:বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে পথচাৰীক

ABOUT THE AUTHOR

...view details