আমগুৰি, ১২ জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই প্ৰতিখন জিলা উপায়ুক্ত (Deputy Commissioner), আৰক্ষী অধীক্ষক (Superintendent of Police)ক চুলাই ভাটি ভাঙিবলৈ নিৰ্দেশ দিয়া সময়তে আমগুৰিতো আৰক্ষী (Amguri Police)য়ে অব্যাহত ৰাখিছে চুলাই বিৰোধী অভিযান ৷ আমগুৰিৰ দেওৰজা মানটনীয়াত সোমবাৰে আমগুৰি আৰক্ষী (Amguri Police)য়ে অভিযান চলাই বহুকেইটা চুলাইৰ ভাটি ভাঙিবলৈ সক্ষম হয় । আৰক্ষী (Amguri Police)য়ে অভিযানৰ সময়ত প্ৰায় ৮ হাজাৰ লিটাৰ চুলাইৰ পাচ নষ্ট কৰে ৷ মানটনীয়াৰ দেৱজিত গগৈ, দীপা গগৈ, পংকজ গগৈ নামৰ লোককেইজনৰ ঘৰত আৰক্ষী (Amguri Police)য়ে চলায় এই অভিযান ৷
দেৱজিত গগৈ, দীপা গগৈ, পংকজ গগৈৰ ঘৰত মাটিৰ তলত আৰু ঘৰৰ ভিতৰত ড্ৰামত লুকুৱাই ৰখা অৱস্থাত হাজাৰ হাজাৰ লিটাৰ চুলাই উদ্ধাৰ কৰে ৷ গোলাঘাট কাণ্ডৰ (Golaghat Incident) পিছতো চুলাই ব্যৱসায়ীয়ে নল'লে শিক্ষা । অস্বাস্থ্যকৰভাৱে বাঁহনি-কলগছৰ তলত চুলাই বেপাৰীয়ে জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে বৰবিহ সদৃশ চুলাই ।