শিৱসাগৰ, 18 জুলাই: শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ সোমবাৰে সামৰণি পৰে (Sivasagar Baratjibi Sangha session ended)। দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই অধিবেশনৰ দ্বিতীয় দিনা শিৱসাগৰ নগৰৰ যুৱদলত পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানৰ পাছত এখন সাংবাদিক কৰ্মশালাৰো আয়োজন কৰা হয় (Journalist Workshop in Sivasagar)।
জিলাখনত কৰ্মৰত সাংবাদিকৰ লগতে সাংবাদিকতা অধ্যয়ন কৰি থকা ভালেমান ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে । কৰ্মশালাত সমল ব্যক্তি ৰূপে আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা (Senior journalist Gautam Sharma) আৰু শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক ড৹ উৎপল দত্তই অংশগ্ৰহণ কৰে । এই সভাৰ জৰিয়তে অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সৌমাৰ জ্যোতি মহন্তই ।