অসম

assam

নিৰ্বাচনলৈ সাজু কংগ্ৰেছ মহাজোঁটবন্ধনৰ শিৱসাগৰৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ

By

Published : Mar 9, 2021, 1:49 PM IST

সোমবাৰে গুৱাহাটীৰ পৰা আহি শিৱসাগৰ সমষ্টিত উপস্থিত হয় কংগ্ৰেছ মহাজোঁটবন্ধনৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ ৷ গগৈক কংগ্ৰেছ সমৰ্থক সকলে নামদাং শিলৰ সাকোঁৰ পৰা আদৰি আনে। মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু হোৱা প্ৰাৰ্থী গৰাকীয়ে গুৱাহাটীৰ পৰা আহি শিৱসাগৰ সমষ্টিত মনোনয়ণ পত্ৰ দাখিল কৰাৰ পূৰ্বে ঐতিহাসিক শিৱ মন্দিৰত ধূপ-বন্তি, নৈব্যদৰে শৰাই দি আশীষ লয় ৷

subhramitra-gogoi
নিৰ্বাচনলৈ সাজু কংগ্ৰেছ মহাজোঁটবন্ধনৰ শিৱসাগৰৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ

শিৱসাগৰ, 9মাৰ্চ:সোমবাৰে গুৱাহাটীৰ পৰা আহি শিৱসাগৰ সমষ্টিত উপস্থিত হয় কংগ্ৰেছ মহাজোঁটবন্ধনৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ ৷ গগৈক কংগ্ৰেছ সমৰ্থকসকলে নামদাং শিলৰ সাকোঁৰ পৰা আদৰি আনে। মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু হোৱা প্ৰাৰ্থী গৰাকীয়ে গুৱাহাটীৰ পৰা আহি শিৱসাগৰ সমষ্টিত মনোনয়ণ পত্ৰ দাখিল কৰাৰ পূৰ্বে ঐতিহাসিক শিৱ মন্দিৰত ধূপ-বন্তি, নৈব্যদৰে শৰাই দি আশীষ লয় ৷

নিৰ্বাচনলৈ সাজু কংগ্ৰেছ মহাজোঁটবন্ধনৰ শিৱসাগৰৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ

আনহাতে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ মহাজোঁটবন্ধনৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈয়ে কয়, বিগত ১৫ বছৰে শিৱসাগৰ ১০৮ নং সমষ্টি কংগ্ৰেছৰ শাসনত থকা সমষ্টিটোত ৰাইজৰ আস্থা আছে ৷ তদুপৰি শিৱসাগৰবাসী কংগ্ৰেছৰ লগত আছে ৷ শেহতীয়াভাৱে শাসনাধিস্থিত চৰকাৰখনৰ মিথ্যাচাৰৰ বিষয়ে ৰাইজে ইতিমধ্যে বুজি পাইছে বুলি উল্লেখ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰা বুলি মন্তব্য কৰে ৷ আনহাতে শিৱসাগৰত 100 শতাংশই বিজয় নিশ্চিত বুলিও কয় কংগ্ৰেছ মহাজোঁটবন্ধনৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈয়ে ৷

লগতে পঢ়কঃমঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসক উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details