আমগুৰি,২৪ আগষ্ট:বৃহস্পতিবাৰে আমগুৰিৰ এখন বিদ্যালয়ত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতিৰ । শুনা গ'ল মাথো কান্দোনৰ ৰোল । "আমাক শৈশৱ ছাৰক লাগিবই"- প্ৰতিবাদী ধ্বনিৰে মুখৰিত হৈ পৰিল বিদ্যালয়খনৰ চৌদিশ । শ্ৰেণীকোঠা এৰি বিদ্যালয়ৰ খেলপথাৰলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী । শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি পুল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সৃষ্টি হয় এই পৰিস্থিতিৰ ।
জানিবপৰামতে, বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰে প্ৰিয় শিক্ষকগৰাকী হ'ল সহঃশিক্ষক শৈশৱ শইকীয়া । কিয়নো প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজ সন্তানৰ দৰে আবদাৰ কৰে শিক্ষকগৰাকীয়ে । ছাত্ৰ-ছাত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি শইকীয়াই যথেষ্ট মৰম কৰে ছাত্ৰ-ছাত্ৰীসকলক । খুব সুন্দৰকৈ পাঠদান কৰে শৈশৱ শইকীয়াই ।
পিছে হঠাৎ আমগুৰিৰ নামতি পুল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক শৈশৱ শইকীয়াক তাৎক্ষণিক বদলিৰ নিৰ্দেশ প্ৰদান কৰে বিভাগে । লগে লগে যেন সৰগ ভাগি পৰিল ছাত্ৰ-ছাত্ৰীৰ মূৰত । শিক্ষক জনক বদলি নিৰ্দেশৰ পাছতে এতিয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ।