অসম

assam

Youth Joins ULFA I: পৰীক্ষা আধাতে এৰি আলফা(স্বা)লৈ শিৱসাগৰৰ যুৱতী

By

Published : May 15, 2022, 7:06 PM IST

পুনৰ আলফা(স্বা)লৈ যুৱতী (Youth Joins ULFA I)৷ শিৱসাগৰৰ আমগুৰিৰ গগৈ উপাধীৰ এগৰাকী যুৱতীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে আলফা(স্বা)ত যোগদানৰ কথা ।

Youth Joins ULFA I
পৰীক্ষা আধাতে এৰি আলফা(স্বা)লৈ শিৱসাগৰৰ যুৱতী

আমগুৰি, ১৫ মে’ :আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ প্ৰতি মন্ত্ৰী সঞ্জয় কিষাণে বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ পাছত আলফা(স্বা)ৰ মুৰব্বীগৰাকীয়ে ভাবুকি প্ৰদান কৰিছিল মন্ত্ৰীগৰাকীক ৷ এই ভাবুকি 24 ঘন্টাৰ ভিতৰতে মন্ত্ৰী সঞ্জয় কিষাণে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে পৰেশ বৰুৱাৰ ওচৰত ৷ বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰি থকাৰ সময়তে আমগুৰিৰ এগৰাকী যুৱতীয়ে আলফা(স্বা)ত যোগদান কৰাৰ খবৰ লাভ কৰা গৈছে (Youth Joins ULFA I)৷

পৰীক্ষা আধাতে এৰি আলফা(স্বা)লৈ শিৱসাগৰৰ যুৱতী

শিৱসাগৰৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লালিম ছিগাৰ যুৱতীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে আলফা(স্বা)ত যোগদানৰ কথা (Youth from Sivasagar joins ULFA I)। আমগুৰি মহাবিদ্যালয়ৰ তৃতীয় ষান্মানিকৰ ছাত্ৰীগৰাকীয়ে ফেচবুকযোগে জীৱনৰ সিদ্ধান্ত নিজেই ল'ম বুলি মন্তব্য কৰাৰ লগতে এই সিদ্ধান্তৰ বাবে কোনো জগৰীয়া নহয় বুলি স্পষ্ট কৰে (Sivasagar student hoins ULFA I)৷

লগতে পঢ়ক:মোৰ কথাই যদি পৰেশ বৰুৱাৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দু:খিত অনুভৱ কৰিছো: মন্ত্ৰী সঞ্জয় কিষান

ABOUT THE AUTHOR

...view details