শিৱসাগৰৰ,29 নৱেম্বৰ: শিৱসাগৰ নগৰৰ সমীপৰ হেমচন্দ্ৰ বৰুৱা পথৰ হেমকোষ প্ৰেছৰ সমীপত শুকুৰবাৰে পুৱাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ চাইকেল আৰোহী আৰু স্কুটী আৰোহীৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ ফলত নিহত হয় এজন স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ ৷ এই ঘটনাই এতিয়া শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চলবাসী ৰাইজক ৷
শিৱসাগৰ নগৰত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু - Student death in accident at Sivsagar
শিৱসাগৰ নগৰৰ হেমচন্দ্ৰ বৰুৱা পথৰ হেমকোষ প্ৰেছৰ সমীপত হোৱা এক দুৰ্ঘটনাত নিহত শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ ৷ চাইকেল আৰু স্কুটীৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ডিমৌ চহৰৰ কুশল পথৰ বাসিন্দা বুবু দত্তৰ একমাত্ৰ পুত্ৰ চন্দ্ৰশেখৰ দত্তই হেমচন্দ্ৰ বৰুৱা পথৰে স্কুটি লৈ আহি থকা অৱস্থাত এজন চাইকেল আৰোহীৰ সৈতে দুৰ্ঘটনাত পতিত হয় ৷ উক্ত সময়তে চাইকেল আৰোহী গৰাকীক ৰক্ষা কৰিবলৈ গৈ পথৰ ওপৰতে বাগৰি পৰে চন্দ্ৰশেখৰ দত্ত ৷ থিক সেই সময়তে পথটোৰে আহি থকা আন এখন বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় ছাত্ৰজন ৷ আঘাতপ্ৰাপ্ত ছাত্ৰজনক ততালিকে সমীপৰ আদিত্য নাৰ্ছিং হোমলৈ নিয়া হয় যদিও তাত কোনো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নথকাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ কিন্তু মগজুৰ অত্যাধিক ৰক্তক্ষৰণৰ বাবে চিকিৎসকৰ অপ্ৰাণ চেষ্টাৰ পাছতো চিকিৎসালয়তে মৃত্যু হয় ছাত্ৰজনৰ ৷ উল্লেখ্য যে, মৃত ছাত্ৰজন শিৱসাগৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ তৃতীয় বৰ্ষত অধ্যয়নৰত আছিল ৷ শুকুৰবাৰে পুৱাই পৰীক্ষালৈ বুলি ওলাই গৈছিল ছাত্ৰজন ৷ কিন্তু নিয়তিৰ ওচৰত হাৰ মানি চিৰদিনৰ বাবেই অজান দেশলৈ গুচি গ'ল চন্দ্ৰশেখৰ দত্ত ৷ বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা মৃতদেহ দুপৰীয়া শিৱসাগৰ মহাবিদ্যালয়লৈ নিয়া হব শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে ৷ ছাত্ৰ জনৰ অকাল মৃত্যুত শিৱসাগৰ মহাবিদ্যালয়, মহাবিদ্যালয় ছাত্ৰ একতা সভা,শিৱসাগৰ জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে ৷