আমগুৰি, 9 জুন: কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিৱসাগৰ জিলাৰ আমগুৰিত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ দোপদৰত চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক বিদ্যালয়ৰে এজন শিক্ষকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত (Student beaten by teacher in Amguri) ৷
জানিব পৰা মতে নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ গাড়ীগাঁও প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে পৰীক্ষা চলি থকা অৱস্থাত বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক প্ৰশ্ন নোৱাৰাৰ বাবেই শিক্ষকে গুৰুলা-গুৰুলকৈ জেওৰাখুঁটিৰে প্ৰহাৰ কৰে ৷ শিক্ষকৰ প্ৰহাৰত কণমানি ছাত্ৰজনৰ পিঠিত তেজ বিৰিঙি উঠাৰ লগতে ঘৰলৈ আহি অসুস্থ হৈ পৰে ৷ বিদ্যালয়ৰ পৰীক্ষা চলি থকা অৱস্থাতেই শিক্ষক দীপক কুমাৰ দাসে গুৰুলা-গুৰুলকৈ এনেদৰে ছাত্ৰজনক প্ৰহাৰ কৰাৰ পিছতেই শিক্ষকজনৰ কাণ্ডত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Student beaten by teacher) ৷
ঘটনা সন্দৰ্ভত আজি অৰ্থাৎ শুকুৰবাৰে বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত অভিযুক্ত শিক্ষক দীপক কুমাৰ দাসে ক্ষমা বিচৰা বুলি জানিব পৰা গৈছে যদিও সমগ্ৰ ঘটনা বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে গাপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ যি সময়ত ৰাজ্য চৰকাৰে অতিমাত্ৰা গৰমৰ বাবে বিদ্যালয়সমূহ পুৱা 7.30 বজাৰ পৰা খোলাৰ ব্যৱস্থা কৰিছে তেনে সময়তে শিক্ষকতা বৃত্তিৰ লগত জড়িত এজন শিক্ষকে এটি কণমানিক জেওৰাখঁটিৰে প্ৰহাৰ কৰা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অভিযোগ অনুসৰি অন্য চিন্তাত থকাৰ বাবেই ছাত্ৰজনক এনেদৰে প্ৰহাৰ কৰা বুলি টুলুঙা মন্তব্য কৰিছে অভিযুক্ত শিক্ষকজনে (Minor student beaten by teacher) ৷