অসম

assam

ETV Bharat / state

লক ডাউনত পেছাগত কামৰ সলনি ব্যস্ত হ'ল বাঁহ শিল্পৰ কামত

কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন পৰ্যায়ত লক ডাউন ঘোষণা কৰাৰ ফলত ইলেকট্ৰিচিয়ান ভূপেন দাস যেন ক্ষন্তেক থমকি ৰ’ব লগা হ’ল। কিন্তু হতাশ নহ’ল ভূপেন দাস৷বৰঞ্চ, সুপ্ত হৈ থকা তেওঁৰ প্ৰতিভা যেন সাৰ পাইহে উঠিল। ভাড়াঘৰৰ মালিকৰ ঘৰৰ বাঁহনীৰ পৰা কেঁচা বাঁহ ক্ৰয় কৰি সাজিবলৈ আৰম্ভ কৰিলে এটাৰ পাছত এটাকৈ বাঁহৰ সামগ্ৰী।

By

Published : May 18, 2020, 7:26 PM IST

story of a bamboo artist of Sivasagar
লক ডাউনত পেছাগত কামৰ সলনি ব্যস্ত হ'ল বাঁহ শিল্পৰ কামত

শিৱসাগৰ,18মে':লক ডাউনৰ সময়ত নিজৰ পেছাগত কৰ্মত ব্যস্ত নাথাকি শিৱসাগৰৰ এগৰাকী ব্যক্তি ব্যস্ত বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী নিৰ্মাণ কাৰ্যত ৷শিৱসাগৰৰ মৰনৈ কিনাৰৰ এটা ভাড়াঘৰত বসবাস কৰা ভূপেন দাস নামৰ ব্যক্তিগৰাকী পেছাত এগৰাকী ইলেক্ট্ৰিচিয়ান৷ 15 বছৰেই এই কৰ্ম কৰি পত্নী আৰু কন্যা সন্তানেৰে আগবঢ়াই নিছিল সৰু সংসাৰখন ৷কিন্তু কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন পৰ্যায়ত লক ডাউন ঘোষণা কৰাৰ ফলত ইলেকট্ৰিচিয়ান ভূপেন দাস যেন ক্ষন্তেক থমকি ৰ’ব লগা হ’ল।

লক ডাউনত পেছাগত কামৰ সলনি ব্যস্ত হ'ল বাঁহ শিল্পৰ কামত

কিন্তু হতাশ নহ’ল ভূপেন দাস৷বৰঞ্চ, সুপ্ত হৈ থকা তেওঁৰ প্ৰতিভা যেন সাৰ পাইহে উঠিল। ভাড়াঘৰৰ মালিকৰ ঘৰৰ বাঁহনীৰ পৰা কেঁচা বাঁহ ক্ৰয় কৰি সাজিবলৈ আৰম্ভ কৰিলে এটাৰ পাছত এটাকৈ বাঁহৰ সামগ্ৰী। বিভিন্ন জোখৰ বাঁহেৰে নিৰ্মাণ কৰি উলিয়ালে পেঁপা, বাঁহী, কাপ, টুপী আদি বিভিন্ন সামগ্ৰী।

লক ডাউনত পেছাগত কামৰ সলনি ব্যস্ত হ'ল বাঁহ শিল্পৰ কামত

ইলেক্ট্ৰিচিয়ান ভূপেন দাসে ই টিভি ভাৰতৰ সাংবাদিকক ক'লে, লক ডাউনৰ সময়ছোৱাত ব্যস্ত জীৱনৰ পৰা অৱসাদ পাবলৈ সক্ষম হোৱা মানৱ জাতিয়ে অফুৰন্ত সময় অপচয় কৰা অনুচিত। চ'ছিয়েল মিডিয়াত বিভিন্ন খাদ্য সামগ্ৰীৰ ফটো বিতৰণ কৰাতকৈ যদি সৃজনীশীল কিবা এটা সাজু কৰি প্ৰচাৰ কৰি তেনেহ'লে নৱ প্ৰজন্মও বহু গুণে উপকৃত হ'ব ।

লক ডাউনত পেছাগত কামৰ সলনি ব্যস্ত হ'ল বাঁহ শিল্পৰ কামত

লগতে পঢ়কঃনগাঁৱত চিনাক্ত প্ৰথমজন কৰ'ণা পজিটিভ

ABOUT THE AUTHOR

...view details