অসম

assam

ETV Bharat / state

শিৱসাগৰ পৰিৱহণ বিভাগৰ দ্বাৰা জব্দ নম্বৰবিহীন ডাম্পাৰ - পঞ্জীয়ন হোৱা ডাম্পাৰখনৰ নম্বৰ AS 12 BC 5271

শিৱসাগৰ পৰিৱহণ বিভাগৰ এনফৰ্চমেণ্ট দলে জব্দ কৰে এখন নম্বৰবিহীন ডাম্পাৰ৷ শোণিতপুৰত পঞ্জীয়ন হোৱা ডাম্পাৰখনৰ নম্বৰ AS 12 BC 5271৷ প্ৰায় এক মাহ আগত ক্ৰয় কৰা ডাম্পাৰখন বিনিত কুমাৰ আগৰৱালা নামৰ এজন লোকৰ নামত পঞ্জীয়ন হৈ আছে

শিৱসাগৰ পৰিৱহণ বিভাগৰ দ্বাৰা জব্দ নম্বৰবিহীন ডাম্পাৰ

By

Published : Sep 7, 2019, 6:50 PM IST

শিৱসাগৰ, 7 চেপ্তেম্বৰঃ শিৱসাগৰ পৰিৱহণ বিভাগৰ এনফৰ্চমেণ্ট দলে জব্দ কৰে এখন নম্বৰবিহীন ডাম্পাৰ৷ শনিবাৰে পুৱা গৌৰিসাগৰ দিখৌ দলংৰ সমীপত দায়িত্ব পালন কৰি থকা এনৰ্ফচমেণ্ট দলটো দেখি ডাম্পাৰ খনৰ চালক আৰু এজন সহযোগী পলায়ন কৰে৷ ডাম্পাৰ খন জব্দ কৰি পৰ্যৱেক্ষণ কৰাত ডাম্পাৰ খন চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰে পৰিৱহণ বিভাগৰ দলটোৱে৷ ডাম্পাৰখনৰ বৈদ্যুতিক সংযোগ চিঙি থোৱাৰ লগতে এক বিশেষ ধৰণৰ চাবিৰে ইয়াক চলোৱাটো লক্ষ্য কৰিয়েই ডাম্পাৰখন চুৰিৰ বুলি সন্দেহ কৰিছে পৰিৱহণ বিভাগে৷ ।ডাম্পাৰখনৰ সন্দৰ্ভত অনুসন্ধান কৰাত শোণিতপুৰত পঞ্জীয়ন হোৱা ডাম্পাৰখনৰ নম্বৰ AS 12 BC 5271 বুলি জানিব পৰা গৈছে৷

শিৱসাগৰ পৰিৱহণ বিভাগৰ দ্বাৰা জব্দ নম্বৰবিহীন ডাম্পাৰ
প্ৰায় এক মাহ আগত ক্ৰয় কৰা ডাম্পাৰখন বিনিত কুমাৰ আগৰৱালা নামৰ এজন লোকৰ নামত পঞ্জীয়ন হৈ আছে।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details