শিৱসাগৰ, ১২ ছেপ্টম্বৰ :একাংশ দুষ্টচক্ৰইৰাজ্যৰ ভিন্ন প্ৰান্তত পেট্ৰ'ল-ডিজেলৰ চুৰি কাৰ্য অব্যাহত ৰাখিছে । বিশেষকৈ উজনি অসমত পেট্ৰ'ল-ডিজেলৰ চোৰাং কাৰ্যকলাপত এটা চক্ৰ বিশেষভাৱে সক্ৰিয় হৈ পৰিছে । তেনে এক চক্ৰৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলায় ।
অভিযানত শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰৰ পৰা চুৰি ডিজেলৰ ৭ টাকৈ ড্ৰাম জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । দৰিকাপাৰৰ দেৱজিৎ দিহিঙীয়া নামৰ এজন যুৱকৰ ঘৰৰ চৌহদত থকা এটা গুদামৰ পৰা উদ্ধাৰ কৰা হয় চুৰি ডিজেল ভৰ্তি ড্ৰাম কেইটা । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখোৱা বিভিন্ন মালবাহী বাহনৰ পৰা ডিজেলসমূহ চুৰি কৰা হয় ।