শিৱসাগৰ,26ছেপ্টেম্বৰ: শিৱসাগৰত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ ৷ কৃষক বিৰোধী আইন বাতিলৰ দাবীত আৰু আৰক্ষী নিয়োগ পৰীক্ষাত হোৱা কেলেংকাৰীৰ উচিত তদন্তৰ দাবী জনাই বীৰ লাচিত সেনাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ জিলাখনৰ দ’লমুখ চাৰিআলিত সংগঠনটোৰ সদস্য সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি কেন্দ্ৰীয় চৰকাৰে যি কেতবোৰ আইন সংশোধন কৰি কৃষক বিৰোধী স্থিতি গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰে । বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা চাউল,দাইল,আলু, পিঁয়াজ, তেল আদি সামগ্ৰীৰ নাম কৰ্তনৰ তীব্ৰ বিৰোধিতা কৰে সংগঠনটোৰ সদস্য সকলে ৷ অতি শীঘ্ৰে এই সংশোধীত আইনসমূহ বাতিলৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে । অন্যথা তীব্ৰ আন্দোলনৰ হূংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷
শিৱসাগৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ - বীৰ লাচিত সেনা
কৃষক বিৰোধী আইন বাতিল আৰু আৰক্ষী নিয়োগ পৰীক্ষাত হোৱা কেলেংকাৰীৰ উচিত তদন্তৰ দাবী জনাই শিৱসাগৰ জিলাৰ দলমুখ চাৰিআলিত বীৰ লাচিত সেনাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল কৰি তোলে পৰিবেশ ৷
![শিৱসাগৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ Statue of Prime Minister and Chief Minister cremated at Sivasagor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8944765-thumbnail-3x2-yu.jpg)
শিৱসাগৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ
অন্য এক খবৰৰ বাবে: বাক্সাত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ