অসম

assam

ETV Bharat / state

উপযুক্ত, দক্ষ আৰু নিৰ্বাচনত জয়ী হ’ব পৰা প্ৰাৰ্থীকহে এইবাৰ কংগ্ৰেছ দলে অগ্ৰাধিকাৰ দিবঃ ৰিপুণ বৰা - State Congress president Ripun bora at sivsagar to tribute pranab gogoi's death

সদ্য প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে দেওবাৰে শিৱসাগৰৰ ৰেডক্ৰছ ৰোডত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা । জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যু কংগ্ৰেছ দলৰ এক ডাঙৰ ক্ষতি বুলি উল্লেখ কৰে ৰিপুণ বৰাই ৷ গগৈৰ মৃত্যুত খালী হোৱা শিৱসাগৰ বিধানসভা সমষ্টিৰ পদক কেন্দ্ৰ কৰি উপ-নিৰ্বাচন সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

Ripun bora at sivsaga
শিৱসাগৰত ৰিপুণ বৰা

By

Published : Feb 9, 2020, 8:00 PM IST

শিৱসাগৰ,9 ফেব্ৰুৱাৰীঃ সদ্য প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে দেওবাৰে শিৱসাগৰৰ ৰেডক্ৰছ ৰোডত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা । নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ লগতে জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যু কংগ্ৰেছ দলৰ এক ডাঙৰ ক্ষতি বুলি উল্লেখ কৰে ।

শিৱসাগৰত উপস্থিত ৰিপুণ বৰা

ৰিপুণ বৰাই সাংবাদিকৰ সৈতে মত বিনিময় কৰি সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিস্থিতি তথা পৰিৱেশ সন্দৰ্ভত আলোচনা কৰে । আনহাতে,গগৈৰ মৃত্যুত খালী হোৱা শিৱসাগৰ বিধানসভা সমষ্টিৰ পদক কেন্দ্ৰ কৰি উপ-নিৰ্বাচন সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ বিগত সময়ত দীৰ্ঘদিনে শাসনত থাকি জনতাক পাহৰি যোৱা কংগ্ৰেছ দলৰ বাবে বিগত নিৰ্বাচনত পৰাজয় যথোচিত বুলি বৰাই উল্লেখ কৰে ।

তদুপৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে শিৱসাগৰ সমষ্টিৰ উপ-নিৰ্বাচন গুৰুত্বপূৰ্ণ হ’ব বুলি ৰিপুণ বৰাই প্ৰকাশ কৰে ৷ উপযুক্ত,দক্ষ আৰু নিৰ্বাচনত জয়ী হ’ব পৰা প্ৰাৰ্থীকহে এইবাৰ কংগ্ৰেছ দলে অগ্ৰাধিকাৰ দিব বুলি উল্লেখ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

লগতে চাওকঃতিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

ABOUT THE AUTHOR

...view details