অসম

assam

Srimad Bhagavad Gita: ডিজিটেল মাধ্যমত 14 টা ভাষাত উপলব্ধ হ’ব শ্ৰীমদ্ভাগৱত গীতা

By

Published : Apr 18, 2023, 10:44 PM IST

শ্ৰীমদ্ভাগৱত গীতা এইবাৰ ডিজিটেল ৰূপত উপলব্ধ হ’ব ৷ গ্ৰন্থৰ লগতে শ্ৰৱণ যন্ত্ৰত উপলব্ধ হ’ব ডিজিটেল “ভাগৱত গীতা" (Srimad Bhagavad Gita available in digital media) ৷

Srimad Bhagavad Gita
শ্ৰীমদ্ভাগৱত গীতা এইবাৰ ডিজিটেল ৰূপত

শ্ৰীমদ্ভাগৱত গীতা এইবাৰ ডিজিটেল ৰূপত

শিৱসাগৰ, 18 এপ্ৰিল :এঘাৰটা ভাৰতীয় ভাষাৰ লগতে তিনিটা বিদেশী ভাষাত আকৰ্ষণীয় ৰূপত উপলব্ধ হ’ব এতিয়া ভাগৱত গীতা ৷ মূলত সংস্কৃত ভাষাৰ শ্ৰীমদ্ভাগৱতগীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ । এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ । যদিও গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যদা পাইছে । গীতাক সেইবাবে গীতোপনিষদ বোলা হয় (Gita available in digital media) ।

ওঠৰ-উন্নৈশ শতিকাৰ এখন চিত্ৰকলা হিন্দুসকলৰ গীতাত ভগৱানৰ মুখেৰে নিসৃত বাণীসমূহ লিপিবদ্ধ কৰা হৈছে । হিন্দু ধৰ্ম, দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিষ্ঠিত । গীতাৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ অৰ্জুনৰ কথোপকথন । কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগে আগে শত্ৰুপক্ষত আত্মীয়, বন্ধু আৰু গুৰুক দেখি অৰ্জুন কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল । সেই সময়তে ভগৱান কৃষ্ণই অৰ্জুনক ক্ষত্ৰিয় যোদ্ধাৰ ধৰ্ম স্মৰণ কৰি দিছিল আৰু বিভিন্ন প্ৰকাৰ যোগশাস্ত্ৰ আৰু বৈদান্তিক দৰ্শন ব্যাখ্যা কৰি অৰ্জুনক যুদ্ধ কৰিবৰ বাবে উৎসাহিত কৰিছিল । সেইকাৰণে গীতাক হিন্দু ধৰ্মতত্ত্বৰ এটা সংক্ষিপ্ত পাঠ আৰু হিন্দুসকলৰ জীৱনশৈলীৰ এখন ব্যৱহাৰিক পথনিৰ্দেশিকা বুলি কোৱা হয় (Srimad Bhagavad Gita) ।

যোগশাস্ত্ৰ ব্যাখ্যাৰ সময়ত কৃষ্ণই নিজৰ ‘স্বয়ং ভগৱান’ ৰূপটি উন্মোচিত কৰিছিল আৰু অৰ্জুনক বিশ্বৰূপ দৰ্শন দি আশীৰ্বাদ কৰিছিল । এই মহৎ গ্ৰন্থ খন এতিয়া ডিজিটেল ৰূপত ৰাইজৰ মাজলৈ লৈ অনা হৈছে । গুৰু ৰবি শংকৰৰ নেতৃত্বত এঘাৰটা ভাৰতীয় ভাষা আৰু তিনিটা বিদেশী ভাষাৰে সৈতে সৰ্বমুঠ চৈধ্যটা ভাষাত এতিয়া উপলব্ধ হ’ব ডিজিটেল গীতা । ইংৰাজী, ফৰাচী, স্পেনিছ এই তিনিটা বিদেশী ভাষাৰ লগতে হিন্দী, অসমীয়া, নেপালী, তামিল, তেলেগু, গুজৰাটী, মাৰাঠী, উড়িয়া, বাংলা, কানাড়া আৰু পাঞ্জাৱী এই চৈধ্যটা ভাষাত উপলব্ধ ডিজিটেল গীতাই এতিয়া সমাদৰ লাভ কৰিছে (Srimad Bhagavad Gita available in digital media ) ।

শিৱসাগৰৰ কনক নগৰৰ নিৱাসী অৱসৰপ্ৰাপ্ত পশু চিকিৎসক ডাক্তৰ খগেন্দ্ৰ দেৱ গোস্বামীয়ে ইতিমধ্যে শিৱসাগৰত এক জোৱাৰ আনিবলৈ সক্ষম হৈছে । তেখেত আশাবাদী এই ডিজিটেল ৰূপত প্ৰকাশ পোৱা ভাগৱত গীতাই ৰাইজৰ মাজত সমাদৰ লাভ কৰাৰ লগতে অনাগত দিনত এচাম উশৃংখল নৱ প্ৰজন্মক সংশোধনৰ বাট দেখুৱাই পোহৰ বিলাবলৈ সক্ষম হ'ব ৷

লগতে পঢ়ক :Arguments on Same Sex Marriage: সমকামী বিবাহৰ আইনী বৈধতা সম্পৰ্কত উচ্চতম ন্যায়ালয়ত যুক্তি তৰ্ক

ABOUT THE AUTHOR

...view details