শিৱসাগৰ, 4 ফেব্ৰুৱাৰীঃশিৱসাগৰৰ নিজ বাসগৃহলৈ অনা হ’ল কংগ্ৰেছ দলৰ শীৰ্ষ নেতা প্ৰণৱ কুমাৰ গগৈৰ মৃতদেহ । অগণন গুণমুগ্ধই জ্ঞাপন কৰিলে শেষ শ্ৰদ্ধাঞ্জলি । অশ্ৰু নয়নেৰে শেষ বিদায় জনালে মৰমৰ নেতা গৰাকীক ।
কংগ্ৰেছ দলৰ বহু কেইগৰাকী নেতাই শেষ দৰ্শন কৰিলে প্ৰাক্তন মন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীক । বুধবাৰে পুৱা আনুষ্ঠানিক ভাৱে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হ’ব নেতাগৰাকীক ।
ইপিনে মঙলবাৰে প্ৰণৱ গগৈৰ নশ্বৰ দেহ পুৱা 8 বজাৰ পৰা 10 বজালৈ শিৱসাগৰ নগৰৰ নিজ বাসস্থানত ৰাইজৰ দৰ্শনাৰ্থে, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হয় । তাৰ পাচত বুধবাৰৰ পুৱাই 10 বজাত শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ ৰাজীৱ ভৱনলৈ নিয়া হ’ব নশ্বৰ দেহটো ।
শিৱসাগৰত অগণন গুণমুগদ্ধৰ ভিৰ ইয়াৰ পিছতে শিৱসাগৰ উকীল সন্থাৰ কাৰ্যালয়লৈ নিয়াৰ পাচতে হাঁহচৰা জাঠিপতিয়া গাঁৱত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শেষ কৃত্য সম্পন্ন কৰা হ’ব প্ৰণৱ কুমাৰ গগৈৰ । উল্লেখ্য যে, বাৰ্ধক্যজনিত কাৰণতেই 84 বছৰ বয়সত মৃত্যুক আকোৱালি লয় গগৈয়ে ৷