অসম

assam

ETV Bharat / state

শিৱসাগৰত গাঁওবাসীৰ বুকুৰ আপোন হৈ পৰা এগৰাকী স্পেনিচ চাইক্লিষ্ট ! - covid19

শিৱসাগৰত তিনিমাহ ধৰি বাস কৰা এজন স্পেনিচ চাইক্লিষ্ট ৷ স্পেইনৰ পৰা বাৰ্মা হৈ মণিপুৰেৰে অসমত প্ৰৱেশ কৰে ব্যক্তিগৰাকীয়ে ৷ শিৱসাগৰবাসীৰ আতিথ্যক প্ৰশংসা বিদেশী চাইক্লিষ্ট গৰাকীৰ ৷

Spanish tourist living in Assam for three months
Spanish tourist living in Assam for three months

By

Published : Apr 7, 2020, 8:46 PM IST

শিৱসাগৰ, 7 এপ্ৰিল : তিনিমাহ ধৰি অসমৰ গাঁৱত আশ্ৰয় লৈ আছে এজন স্পেনিচ নাগৰিকে । শিৱসাগৰ জিলাৰ বকতাৰ ১ নং কোঁৱৰ গাঁৱত ফেব্ৰুৱাৰী মাহৰ পৰা আছে বিদেশী নাগৰিকজন । 14 ফেব্ৰুৱাৰীত গড়গাঁও কলেজত অনুষ্ঠিত যুৱ মহোৎসৱলৈ আহিছিল তেওঁ । চাইকেলৰে স্পেইনৰ পৰা ব্ৰহ্মদেশ হৈ মণিপুৰৰ পৰা অসম প্ৰৱেশ কৰিছিল মেনুৱেল আৰিবাছ চজিকিউ নামৰ এই লোকজন।

শিৱসাগৰত তিনিমাহ ধৰি বাস কৰা এজন স্পেনিচ চাইক্লিষ্ট

যুৱ মহোৎসৱৰ পিচত বকতা ১ নং কোঁৱৰ গাঁৱৰ নিবাসী সত্যৰঞ্জন বৰবৰুৱাৰ পুত্ৰ তথা গড়গাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ বিশ্বজিত বৰবৰুৱাৰ ঘৰত আছিল চজিকিউ । কিন্তু, বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ প্ৰাৰ্দুভাৱ ঘটাত তেওঁ তিনিমাহে গাঁওখনতে থাকিব লগীয়া হৈছে, যাৰ বাবে চজিকিউ 1 নং কোঁৱৰ গাঁৱৰ বাসিন্দাৰ দৰে হৈ পৰিছে ।

শিৱসাগৰত গাঁওবাসীৰ বুকুৰ আপোন হৈ পৰা এগৰাকী স্পেনিচ চাইক্লিষ্ট !

মেনুৱেল আৰিবাছ চজিকিউক ১৪ দিন পূৰ্বে ডিমৌৰ স্থানীয় প্ৰশাসন তথা স্বাস্থ্য বিভাগে হোম কোৱাৰেনন্টাইন কৰে । সোমবাৰে তেওঁৰ ১৪ দিন অতিক্ৰম কৰাত পুনৰ ১৪ দিনৰ কোৱাৰেনন্টাইন কৰা হয় । ডিমৌৰ চক্ৰ বিষয়া তথা দণ্ডাধীশ ইণ্ডিকা গগৈয়ে সোমবাৰে বিয়লি স্পেইনৰ নাগৰিকজনক লগ কৰি বাৰ্তালাপ কৰে। বিদেশী নাগৰিকজনে প্ৰকাশ কৰে যে, সমগ্ৰ বিশ্বত আনকি নিজৰ দেশ স্পেইনতো কৰ'ণা ভাইৰাছৰ আতংক চলি থকাত তেওঁ এতিয়া নিজৰ দেশলৈ যোৱাৰ চিন্তা কৰা নাই । বকতা ১নং কোঁৱৰ গাওঁ, অসম তথা ভাৰতীয় নাগৰিকৰ আতিথ্যক প্ৰশংসা কৰে মেনুৱেল আৰিবাছ চজিকিউৱে ।
লগতে পঢ়ক :শীঘ্ৰে মুকলি আকাশৰ তললৈ কৃষক মুক্তিৰ দুই নেতা

ABOUT THE AUTHOR

...view details