অসম

assam

By

Published : Apr 1, 2019, 10:45 PM IST

ETV Bharat / state

গীতেৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা নাজিৰা মহকুমাধিপতিৰ

নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় এখন নিৰ্বাচনী সজাগতা সম্পৰ্কীয় সংবাদমেল ৷ সকলো শ্ৰেণীৰ ভোটাৰে যাতে ভোটদানৰ বাবে উলাই আহে তাৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ অধীনৰ নাজিৰা জিলা নিৰ্বাচনী কাৰ্যালয়ে ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ৷ ইয়াৰ লগতে সংগতি ৰাখি নিৰ্বাচনী সজাগতা শীৰ্ষক এটি গীত মুকলি কৰা হয় ৷

SONG RELEASED FOR ELECTION AWARENESS

নাজিৰা, 1 এপ্ৰিল: নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় এখন নিৰ্বাচনী সজাগতা সম্পৰ্কীয় সংবাদমেল ৷ সকলো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সময়তে নিৰ্বাচন আয়োগেও 100% শতাংশ ভোটদান সংগ্ৰহৰ লক্ষ্যৰে সংবাদমেলৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হাতত লৈছে ৷ সকলো শ্ৰেণীৰ ভোটাৰে যাতে ভোটদানৰ বাবে উলাই আহে তাৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ অধীনৰ নাজিৰা জিলা নিৰ্বাচনী কাৰ্যালয়ে ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ৷

SONG RELEASED FOR ELECTION AWARENESS

এই সংবাদমেলতে সমাগতলোকসভা নিৰ্বাচনী সজাগতা শীৰ্ষক এটি গীত মুকলি কৰা হয় ৷ নাজিৰা মহকুমা প্ৰশাসনৰ ফেচবুক পেজত গীতটি আপলোড কৰাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে নাজিৰা মহকুমা প্ৰশাসন কেনেদৰে সাজু হৈছে সেই বিষয়ে সকলো তথ্য সংবাদমেলক অৱগত কৰে ৷ নাজিৰা সমষ্টিত মুঠ 164 টা ভোট কেন্দ্ৰত মুঠ 124020 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ইতিমধ্যে সকলো ভোটকেন্দ্ৰতে বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ কৰা বুলিও জানিবলৈ দিয়ে নাজিৰা মহকুমাৰ মহকুমাধিপতি গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details