অসম

assam

By

Published : Aug 30, 2020, 9:24 AM IST

ETV Bharat / state

সৰ্প দংশনৰ বলি হোৱা মহিলাৰ বিনা চিকিৎসাই মৃত্যু হোৱাৰ অভিযোগ

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিনা চিকিৎসাই সৰ্প দংশনত আক্ৰান্ত মহিলাৰ মৃত্যুৰ অভিযোগ ৷ নাজিৰা আমোলাপট্টিৰ ৭ নং ৱাৰ্ডৰ চন্দিকা হাজৰিকা নামৰ এগৰাকী মহিলাক যোৱাকালি গধূলি নিজা ঘৰত সৰ্পই দংশন কৰে ৷

SNAKE DEATH AT SIVSAGAR
সৰ্প দংশনত আক্ৰান্ত মহিলাৰ বিনা চিকিৎসাই মৃত্যু হোৱাৰ অভিযোগ

শিৱসাগৰ,30 আগষ্টঃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শনিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সৰ্প দংশনত আক্ৰান্ত এগৰাকী মহিলাৰ চিকিৎসা হেমাহিৰ বাবে মৃত্যু হোৱাৰ অভিযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালে । নাজিৰা আমোলাপট্টিৰ ৭ নং ৱাৰ্ডৰ চন্দিকা হাজৰিকা নামৰ এগৰাকী মহিলাক কালি গধূলি নিজা ঘৰত সৰ্পই দংশন কৰে ৷

উল্লেখযোগ্য যে, দুটি ল'ৰা সন্তানৰ মাতৃ মহিলাগৰাকীক ততাতৈয়াকৈ নাজিৰা লিগিৰী পুখুৰী চিকিৎসালয়লৈ নিয়া হয় যদিও তাত চিকিৎসাৰ সুবিধা নোপোৱাৰ ফলত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনে । চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতো সম্পূৰ্ণ সুস্থভাৱে কথা-বতৰা পাতি থকা মহিলাগৰাকীক ক’ভিড ৰোগৰ বাবে চিকিৎসা প্ৰদান কৰিব নিবিচৰাৰ লগতে এণ্টিভ'নেম বেজী মজুত নথকাৰ অজুহাতত কোনো চিকিৎসা প্ৰদান নকৰি এটা চেলাইন দি পেলাই থয়। সেই সময়ত কৰ্তব্যত থকা চিকিৎসক মন্দাকিনী দত্ত নামৰ এগৰাকী চিকিৎসকৰ ওপৰত চিকিৎসা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে চন্দিকা হাজৰিকা নামৰ ২৬ বছৰীয়া মহিলাগৰাকীৰ বিনা চিকিৎসাই মৃত্যু হয়। ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ স্বামী যতীন হাজৰিকাই জয়সাগৰ আৰক্ষী চকীত চিকিৎসালয়খনৰ লগতে চিকিৎসকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

সৰ্প দংশনত আক্ৰান্ত মহিলাৰ বিনা চিকিৎসাই মৃত্যু হোৱাৰ অভিযোগ
আনহাতে অভিযোগ সন্দৰ্ভত শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা নাকচ কৰি কয় যে, নাজিৰাত চিকিৎসালয় নামত সময় খৰচ কৰি অহা সৰ্প দংশনত আক্ৰান্ত মহিলাগৰাকীক তৎকালীনভাৱে ৱাৰ্ডত ভৰ্তি কৰা হৈছিল। মহিলা গৰাকীৰ বাবে কোনো ক’ভিড- ১৯ ৰোগৰ নিয়ম পালন কৰা হোৱা নাছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে ।লগতে পঢ়কঃ বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতিক দলবদ্ধ আক্ৰমণ

ABOUT THE AUTHOR

...view details