অসম

assam

ETV Bharat / state

নাগালেণ্ডৰ পৰা হালোৱাটিঙৰ পৰা অবাধ চোৰাং গৰু সৰবৰাহ - টাই আহোম যুৱ পৰিষদৰ বিষয় ববীয়া

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হালোৱাটিঙৰ পৰা অবাধে নগালেণ্ডলৈ চোৰাং গৰু সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে ৷ নিশা হ’লেই চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ৰাজ্যৰ পৰা শ শ গৰু চালান দিয়ে চিণ্ডিকেট চক্ৰই (Smuggled cattle to Nagaland at Haluating) ৷

নাগালেণ্ডৰ পৰা হালোৱাটিঙৰ পৰা অবাধ চোৰাং গৰু সৰবৰাহ
Smuggled cattle to Nagaland at Haluating

By

Published : Sep 16, 2022, 11:41 AM IST

আমগুৰি, 16 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছি চোৰাং গৰু সৰবৰাহৰ ৰমৰমীয়া বেহা (Cattle smuggled in Assam) ৷ এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হালোৱাটিঙৰ পৰা অবাধে নগালেণ্ডলৈ চোৰাং গৰু সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে ৷ নিশা হ’লেই চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ৰাজ্যৰ পৰা শ শ গৰু চালান দিয়ে চিণ্ডিকেট চক্ৰই (Smuggled cattle to Nagaland at Haluating) ৷

ৰাজ্যত আন্তঃৰাজ্য গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত গৰুৰ বৃহৎ চিণ্ডিকেট অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি শিৱসাগৰ জিলাৰ হালোৱাটিঙ আৰক্ষী থানাৰ অন্তৰ্গত নেপালী বস্তিত গৰুৰ অবৈধ চিণ্ডিকেটৰ এখন বৃহৎ বজাৰ গঢ় লৈ উঠিছে ৷ গৰুৰ বৃহৎ চিণ্ডিকেট চক্ৰটোৱে গৌৰীসাগৰৰ চিন্তামণি গড়, ম'ৰাবজাৰ, নামতি অঞ্চলৰ পৰা দৈনিক শ শ গৰু খোজকঢ়াই আনি হালোৱাটিং নেপালী বস্তিত মজুত কৰি ৰাখে ৷

ইফালে হালোৱাটিঙৰ চিণ্ডিকেট চক্ৰটোৰ জনৈক বটু, ভাইজান, লাডু, চুৰাজ, জুমুৰৰ নেতৃত্বত অবাধে নাগালেণ্ডলৈ দৈনিক শ শ গৰু সৰবৰাহ চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ জানিবপৰা মতে এই ছিণ্ডিকেট চক্ৰটোৰ নেতৃত্বতে শিৱসাগৰ আৰু যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰ কাষৰীয়া ভগামুখ, খনামুখ আৰু দিচাংমুখৰ অঞ্চলৰ পৰা আমগুৰি হালোৱাটিঙৰ মাজেৰে নগালেণ্ডলৈ চোৰাংভাৱে গৰুসমূহ প্ৰেৰণ কৰে ৷ এই ক্ষেত্ৰত ছিণ্ডিকেট চক্ৰটোৱে ঐতিহাসিক চেউনী আলি আৰু চামগুৰি হালোৱাটিং সংযোগী মেহগড় আলিক কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷

নাগালেণ্ডৰ পৰা হালোৱাটিঙৰ পৰা অবাধ চোৰাং গৰু সৰবৰাহ

লগতে টাই আহোম যুৱ পৰিষদৰ বিষয় ববীয়াগৰাকীয়ে কয় যে নিশা হলেই হালোৱাটিঙৰ জকাই পদুলি হৈ ৰে’ল লাইনৰ কাষেৰে সৰবৰাহ কৰে ৷ এনেদৰে সৰবৰাহ হোৱা গৰুবোৰৰ কোনো বৈধ নথি নাথাকে যদিও দোপদৰৰ হাতখোলা অঞ্চলৰ জনৈক বিমান নামৰ এজন বিশেষ ব্যক্তিয়ে মোটা অংকৰ বিনিময়ত চোৰাং ব্যৱসায়ী চক্ৰটোৰ হাতত প্ৰতিটো গৰুৰ বিপৰীতে ৰচিদ প্ৰদান কৰি আহিছে ৷

আনকি এই সৰবৰাহত হালোৱাটিঙ অঞ্চলৰ চৰকাৰী গাঁও প্ৰধান জৰিত থকা বুলিও অভিযোগ উত্থাপন কৰে নেতাজনে ৷ দীৰ্ঘদিন ধৰি চলি থকা ৰাজনৈতিক নেতাৰ আশীষপুষ্ট এই গৰু ছিণ্ডিকেট চক্ৰটোৰ গাত এই পৰ্যন্ত হাত দিবলৈ সাহস কৰা নাই আৰক্ষী প্ৰসাশনে ৷

অতি শীঘ্ৰেই এই ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে আমগুৰিৰ টাই আহোম যুৱ পৰিষদে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:গুৱাহাটী ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ মটৰ চাইকেলৰ পাৰ্টছ

ABOUT THE AUTHOR

...view details