অসম

assam

ETV Bharat / state

হিন্দী বিষয় বাধ্যতামূলক কৰাকলৈ সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যত হিন্দী শিক্ষা দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছিল (hindi to become compulsory subject till 10th class) । তাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্ন দল-সংগঠনে । সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ ।

By

Published : Apr 9, 2022, 4:47 PM IST

sms against hind
হিন্দী বিষয় বাধ্যতামূলক কৰাকলৈ সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

শিৱসাগৰ,৯ এপ্ৰিল:অমিত শ্বাহৰ ঘোষণাৰ পাছতেই গৰজি উঠিছে ভিন্ন দল-সংগঠন । হিন্দী ভাষা জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি দল-সংগঠনৰ ক্ৰিয়া- প্ৰতিক্ৰিয়া অব্যাহত । শিৱসাগৰতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেলযোগে দিলে সকিয়নী । কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতাৰে শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল সম্বোধন কৰে ।

হিন্দী বিষয় বাধ্যতামূলক কৰাকলৈ সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হিন্দী ভাষা জাপি দিয়াটো ভাৰতৰ একতা আৰু বৈচিত্ৰতাৰ বাবে উদ্বেগজনক বুলি মন্তব্য কৰি অসম আৰু অসমীয়া জাতীয়তাবাদৰ ওপৰত এয়া বিজেপিৰ ১৮ নং মোগল আক্ৰমণ আখ্যা দিয়ে । বিজেপি আৰ এছ এছে সৰু সৰু জনগোষ্ঠী নৃগোষ্ঠীয় ভাষাক ধ্বংস কৰাৰ এক অভিসন্ধি কৰিছে কৰিছে বুলি মন্তব্য কৰি লগতে কয় অসমীয়া জাতীয়তাবাদ আৰু উত্তৰ পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদক ধ্বংস কৰিব খুজিছে বিজেপিয়ে ।

ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় গাঠনিক আঘাত কৰিছে বিজেপিয়ে । বিজেপিয়ে প্ৰচাৰ কৰাৰ দৰে হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয় অফিচিয়েল ভাষাহে । গেৰুৱা জাতীয়তাবাদক সাংস্কৃতিক সন্ত্ৰাসবাদ বুলি অভিহিত কৰে ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰে । এই সম্পৰ্কত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান, "যদি অসমীয়া তেজ আছে তেন্তে ইয়াৰ বিৰোদ্ধাচৰণ কৰক" ।

অমিত শ্বাহৰ ঘোষণাক অসম আৰু অসমীয়াৰ ওপৰত মোগলৰ ১৮ নম্বৰৰ আক্ৰমণ হিচাপে অভিহিত ছাত্ৰ মুক্তিৰ । এই আক্ৰমণৰ পৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিব নোৱাৰিলে অসমীয়া জাতীয়তাবাদ আৰু কোনোদিনেই বাচি নাথাকে বুলিও মন্তব্য কৰে মানস কোঁৱৰে ।

হিন্দী বাধ্যতামূলক (Hindi to become compulsory subject) হ'লে ১৮৩৭ চনৰ দৰেই অসমীয়া ভাষা বিপৰ্যয়ৰ সন্মুখীন হব । শেষ হৈ যাব অসম আৰু উত্তৰ-পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদ , স্বাভিমান স্বকীয়তা শেষ হৈ যাব বুলি অভিহিত কৰিছে ছাত্র মুক্ত সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক:তেলীয়ে নাজানে কেতিয়া কমিব তেলৰ দাম

For All Latest Updates

ABOUT THE AUTHOR

...view details