অসম

assam

By

Published : Jul 11, 2020, 5:23 PM IST

ETV Bharat / state

কাৰাৰুদ্ধ কৃষক নেতাৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত শিৱসাগৰত পথ অৱৰোধ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত শিৱসাগৰৰ গৌৰী সাগৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ । শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,কৃষক মুক্তি সংগ্ৰাম সমিতি,নাৰী মুক্তি সংগ্ৰাম সমিতি,আহোম জাতীয় গণমঞ্চ আৰু অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ অৰ্ধ শতাধিক সদস্যই পথৰ ওপৰতে মানৱ শৃংখল তৈয়াৰ কৰি কৰিলে এই প্ৰতিবাদ ।

smss protest to release kmss leaders at gaurisagar
কাৰাৰুদ্ধ কৃষক নেতাৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত শিৱসাগৰত পথ অৱৰোধ

আমগুৰি, ১১জুলাই: শনিবাৰে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ নগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,কৃষক মুক্তি সংগ্ৰাম সমিতি,নাৰীমুক্তি সংগ্ৰাম সমিতি,আহোম জাতীয় গণমঞ্চ আৰু অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে অখিল গগৈকে ধৰি আন সকল কৃষক নেতাক মুক্তি দিয়ক,আটাই কেইগৰাকী কাৰাৰুদ্ধ নেতাক উন্নত চিকিৎসা প্ৰদান কৰক,বিজেপি হুচিয়াৰ,আমাক NIA নালাগে,ন্যায় লাগে ইত্যাদি শ্ল'গানৰ প্লেকাৰ্ড লৈ সংগঠনকেইটাৰ অৰ্দ্ধ শতাধিক কৰ্মীয়ে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্রায় এঘণ্টা সময় মানৱ শৃংখল তৈয়াৰ কৰি পথ অৱৰোধৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কাৰাৰুদ্ধ কৃষক নেতাৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত শিৱসাগৰত পথ অৱৰোধ

যিহেতু দুগৰাকীকে কাৰাৰুদ্ধ কৃষক নেতাৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি পোৱা গৈছে,সেয়েহে নেতা কেইগৰাকীৰ উন্নত চিকিৎসাৰ লগতে তেওঁলোকক শীঘ্ৰে মুক্তি দিয়াৰো দাবী তুলিলে প্ৰতিবাদকাৰী সকলে । সমান্তৰালকৈ কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰা অখিল গগৈৰ সু চিকিৎসাৰ ব্যৱস্থাৰ লগতে শীঘ্ৰে মুকলি কৰি দিবলৈকো চৰকাৰক জনালে আহ্বান ।

কাৰাৰুদ্ধ কৃষক নেতাৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত শিৱসাগৰত পথ অৱৰোধ

লগতে চাওকঃ কেনেদৰে চলিছে ৰনথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ উদ্যোগ

ABOUT THE AUTHOR

...view details