আমগুৰি, 21 ছেপ্তেম্বৰ: অসম আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা অনুষ্ঠিত হোৱা ঠিক আধা ঘণ্টাৰ পাছতেই প্ৰশ্নকাকত ফাদিল হোৱা কাৰ্যক ধিক্কাৰ জনাই দেওবাৰে আমগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনটোৰ সদস্যসকলে আমগুৰি চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, গৃহ বিভাগ হায় হায়, ভালদৰে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা অসম চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তুলে ৰাজপথ ৷
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - SMSS Protest at Amguri about in the case of paper leak
প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই চৰকাৰৰ গৃহবিভাগৰ চৰম ব্যৰ্থতাৰ কথা উদঙাই দিয়া বুলি প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
উল্লেখ্য যে, প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই চৰকাৰৰ গৃহবিভাগৰ চৰম ব্যৰ্থতাৰ কথা উদঙাই দিয়া বুলি প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ লগতে অসম চৰকাৰৰ গৃহ বিভাগৰ তত্ত্বাবধানত অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত কেনেকৈ আৰু কি দৰে ফাদিল হবলৈ পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ এই ঘটনাত জড়িত দোষীক আটক কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃক’ভিড অধিনিয়মৰ মাজেৰে আজিৰে পৰা ৰাজ্যত বিদ্যালয়ৰ পাঠদান আৰম্ভ