শিৱসাগৰ,৭ ডিচেম্বৰ :নাগালেণ্ডৰ মন জিলাৰ ঘটনাক লৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Nagaland civillian killings)। অসম ৰাইফলছৰ গুলীচালনা নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা এই ঘটনা সকলোৱে একেমুখে গৰিহণা দিছে । একে সময়তে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ বাবেও বিভিন্ন দল-সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে । অসমৰ ভিন্ন স্থানতো সংগঠনসমূহে এই আইন বাতিলৰ দাবী জনাইছে ।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও এই ঘটনাক গৰিহণা দিয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিল কৰাৰ দাবী জনাইছে (SMSS demands to cancel AFSPA)। শিৱসাগৰ প্ৰেছ ক্লাৱত সংগঠনটোৱে এক সংবাদমেলৰ সম্বোধন কৰি আইন বাতিলৰ দাবী জনায় । ছাত্ৰ সংগঠনটোৰ নেতা মানস কোঁৱৰে অভিযোগ কৰা মতে নিৰাপত্তা বাহিনীসমূহে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ জৰিয়তে উত্তৰ-পূব ভাৰতত নিৰ্বিচাৰ হত্যা লীলা চলাইছে ।