অসম

assam

ETV Bharat / state

শিৱসাগৰত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

দুগৰাকী লোক বৰ্তমানলৈকে চিকিৎসাধীন

শিৱসাগৰত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

By

Published : Mar 10, 2019, 9:06 PM IST

শিৱসাগৰ, ১০ মাৰ্চ : শিৱসাগৰত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি । যোৱা ৫ মাৰ্চ তাৰিখে শিৱসাগৰৰ ডিমৌ সমীপৰ বকতা চিকাৰীচুকত বিষাক্ত কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হয় এটা পৰিয়াল । বিষাক্ত কাঠফুলা খাই দুগৰাকী লোক বৰ্তমানলৈকে চিকিৎসাধীন হৈ থকাৰ লগতে দেওবাৰ পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি ।

শিৱসাগৰত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি
জানিব পৰা মতে, বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা ব্যক্তিকেইগৰাকী ক্ৰমে, দুৰ্গেশ্বৰ ভূমিজ, ভুৱন ভূমিজ , হৰেশ ভূমিজ, জোনমণি ভূমিজ, তিলেশ্বৰ ভূমিজ আৰু টিংকো ভূমিজ । আনহাতে কাঠফুলা ভক্ষণ কৰি নাজিৰা নিমাইগড়ত নিহত হোৱা মাছিধনি তিৰ্কী নামৰ লোকজনক ধৰি জিলাখনত নিহতৰ সংখ্যা ৭ লৈ বৃদ্ধি ।

ABOUT THE AUTHOR

...view details