শিৱসাগৰ, 29 জুলাই : মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ঈদ-উল-আজহা উপলক্ষে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা প্ৰশাসনে ৷ লগতে,সকলোকে সামাজিক দুৰত্ব আৰু স্বাস্থ্যবিধি মানি চলি পবিত্ৰ ঈদ উদযাপন কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে ৷
আনহাতে,মছজিদত তিনিজন লোকতকৈ অধিক লোকে একেলগ হৈ সামুহিক নামাজ আদায় কৰিব নোৱাৰে বুলি স্পষ্ট কৰে শিৱসাগৰ প্ৰশাসনে ৷ গতিকে,দেশ আৰু দহৰ স্বাৰ্থত সকলোকে চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি সামুহিক নামাজৰ পৰিৱৰ্তে ঘৰতে বহি নামাজ আদায় কৰিবলৈ শিৱসাগৰবাসী ৰাইজক আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে ৷