শিৱসাগৰ,20 মেঃ শিৱসাগৰত গাহৰি পালকৰ কান্দোন । এফালে কৰ'ণা ভাইৰাছৰ আতংকই বজাৰ স্থৱিৰ কৰিছে আনফালে আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত মৃত্যু হৈছে হাজাৰ হাজাৰ গাহৰিৰ । গাহৰিৰ সৰবৰাহ, মাংসৰ লগতে মাংসজাত সামগ্ৰী বিক্ৰী আদি সকলো নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ ফলত মুৰে-কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ গাহৰি পালক সকল ।
উল্লেখ্য যে, গ্ৰামাঞ্চলৰ গাহৰি পালক সকলে ঋণ লৈ গাহৰি পালনৰ ব্যৱসায় চলাই আহিছিল । কিন্তু এই ৰোগৰ পিছত যিসকল ব্যৱসায়ীৰ গাহৰি সুস্থ হৈ উঠিছে তেঁওলোকক বজাৰলৈ উলিয়াই দিব পৰা হোৱা নাই । ফলত নিজৰ পকেটৰ ধন খৰচ কৰিয়েই গাহৰি পালন কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে ।