শিৱসাগৰ,2নৱেম্বৰ : চৰাইদেউৰ সোণাৰি নগৰৰ সমীপৰ ৩৩ নং খেৰবাৰীৰ বাগিচাৰ কাষত পথাৰৰ পকা ধাননিৰ মাজত উদ্ধাৰ কৰা হ'ল এটা মৃত বনৰীয়া হাতী ৷ প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত স্পষ্ট হোৱা নাই । অবৈধ ভাবে সংযোগ কৰা বিদুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে । বৰ্তমান ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
সোণাৰিত উদ্ধাৰ এটা মৃত বন্যহস্তী - শিৱসাগৰ
সোণাৰিৰ খেৰবাৰীত উদ্ধাৰ এটা মৃত বন্যহস্তী ৷ হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
সোণাৰিত উদ্ধাৰ এটা মৃত বন্যহস্তী
উল্লেখযোগ্য যে,দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত বন্যহস্তীৰ জাকে খাদ্য সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি দাঁতি-কাষৰীয়া অঞ্চলত চলাই আহিছে তাণ্ডৱ ৷
অন্য এক খবৰৰ বাবে: 7 মাহৰ পাছত বিদ্যালয়ত উপস্থিত ছাত্ৰ-ছাত্ৰী