অসম

assam

By

Published : Aug 8, 2020, 10:07 AM IST

ETV Bharat / state

আমগুৰিত মানৱ শৃংখল কাৰ্যসূচী

শিৱসাগৰ জিলাৰ আমগুৰিৰ ঐতিহাসিক চিন্তামণি গড়ত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তি আৰু খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ সামাজিক উন্নয়নৰ দাবীৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৷

sivsagor_aamguri_caa-aggainst-Protest
আমগুৰিত মানৱ শৃংখল কাৰ্যসূচী

আমগুৰি,8 আগষ্ট: শুকুৰবাৰে শিৱসাগৰ জিলাৰ আমগুৰিৰ ঐতিহাসিক চিন্তামণি গড়ত মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উজনি অসম মুছলিম কল্যাণ পৰিষদে 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তি আৰু খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ সামাজিক উন্নয়নৰ দাবী জনাই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

অন্য এক খবৰৰ বাবে:কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত

শিৱসাগৰৰ বিশিষ্ট চিন্তাবিদ তথা লেখক ছামচুল বাৰিকে উদ্বোধন কৰা এই কাৰ্যসূচীৰ নেতৃত্ব বহন কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ মনিৰুল ইছলাম বৰাই । প্ৰতিবাদকাৰীসকলে সংগ্ৰামী নেতা অখিল গগৈক শীঘ্ৰে মুক্তিৰ দাবী জনোৱাৰ লগতে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ আৰু অসমৰ খিলঞ্জীয়া গৰীয়া-মৰীয়া, দেশী, চৈয়দ, জালাহা সকলৰ অৰ্থ -সামাজিক জৰীপ ব্যৱস্থা কৰাৰ দাবী জনাই ৷ ইয়াৰ লগতে,খিলঞ্জীয়া মুছলমানৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ বিশেষ পেকেজৰ ব্যৱস্থাৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে উত্তাল কৰি পৰিৱেশ ৷

আমগুৰিত মানৱ শৃংখল কাৰ্যসূচী

ABOUT THE AUTHOR

...view details