শিৱসাগৰ, 25 জুনঃশিৱসাগৰৰ দিখৌ নদীত জাপ দিয়াৰ সন্দেহ এগৰাকী যুৱতীৰ। ৰজনী কুমাৰী শ্বাহ নামৰ ১৮ বছৰ বয়সীয়া যুৱতী গৰাকীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । যোৱা বাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ পিচত পুনৰ পৰীক্ষা দিছিল, কিন্তু এইবাৰো ৰজনীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাত ভয় আৰু লাজত এনে পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।
শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল - হাস্পতাল ৰোড
যোৱা বাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ পিচত পুনৰ পৰীক্ষা দিছিল,কিন্তু এইবাৰো ৰজনীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাত ভয় আৰু লাজত এনে পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।
![শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7761170-thumbnail-3x2-suicide.jpg)
শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল
শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল
আৰক্ষীয়ে দিখৌ দলঙত যুৱতী গৰাকীৰ চেণ্ডলৰ লগতে ঘৰৰ পৰা এই সন্দৰ্ভত উদ্ধাৰ কৰিছে এক আত্মহত্যাৰ টোকা । শিৱসাগৰ নগৰৰ হাস্পতাল ৰোডৰ নিবাসী উমা শংকৰ শ্বাহৰ ডাঙৰ সন্তান ৰজনীয়ে এইবাৰ শিৱসাগৰ ছোৱালী কলেজৰ পৰা চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ব্যক্তিগত খণ্ডৰ তেল কোম্পানীত কৰ্মৰত উমা শংকৰ শ্বাহ বৰ্তমান কৰ্মসূত্ৰে ৰাজস্থানত আছে । যুৱতী গৰাকীৰ সন্ধানত ইতিমধ্যে জিলা প্ৰশাসনৰ লগতে এছডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে দিখৌ নদীত।
Last Updated : Jun 25, 2020, 11:50 AM IST